ETV Bharat / state

Allegation Against EX Minister Family: পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, শুনক ভুক্তভোগীৰ মুখেৰে

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 8:06 AM IST

Updated : Nov 5, 2023, 8:34 AM IST

Allegation Against EX Minister Family
পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই

কোনো যুৱতীৰে দুই তিনি মাহতকৈ বেছি দিন সম্পৰ্ক নাৰাখে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকা পুত্ৰ ৷ পুত্ৰৰ স্বভাৱ সন্দৰ্ভত পিতৃ পূৰ্বৰে পৰা অৱগত বুলি বিস্ফোৰক অভিযোগ পুত্ৰবধুৰ । ন্যায় বিচাৰি আইনৰ দ্বাৰস্থ হোৱাৰ দাবী নীলমণি সেন ডেকাৰ বোৱাৰীৰ ৷

পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই

মৰিগাঁও, ৫ নৱেম্বৰ: প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত ৷ পুনৰ কংগ্ৰেছ আমোলৰ মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে ৷ পুত্ৰৰ স্বভাৱ সন্দৰ্ভত পৰিয়ালৰ লোক পূৰ্বৰে পৰা অৱগত বুলি বিস্ফোৰক অভিযোগ তোলে পুত্ৰবধুৱে ।

পুত্ৰৰ স্বভাৱ সন্দৰ্ভত ক’বলৈ গৈ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই নিজ মুখে তেওঁৰ পুত্ৰই দুই-তিনি মাহতকৈ অধিক সময় কোনো যুৱতীৰ সৈতে সম্পৰ্ক নাৰাখে বুলি স্বীকাৰ কৰা কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে । উল্লেখ্য যে, শুকুৰবাৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই বোৱাৰী আৰু বোৱাৰীৰ পিতৃক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

বিবাহৰ এবছৰ নৌহওতেই মাহৰ পাচত মাহ নিৰ্যাতনৰ সন্মুখীন হৈ স্বামী পৰিয়ালৰ প্ৰতাৰণাত পিতৃগৃহত আশ্ৰয় লোৱা জীয়ৰীক পুনৰ স্বামীগৃহত থ’বলৈ যোৱাৰ সময়তে নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে ৷ প্ৰাক্তন মন্ত্ৰী ডেকাই বোৱাৰীৰ লগতে তেওঁৰ পিতৃক দুৰ্ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ ছবি পোহৰলৈ আহিছিল ৷

নীলমণি সেন ডেকাৰ পুত্ৰই পূৰ্বেও বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে এই কথা তেওঁৰ পৰা লুকুৱাইছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী তথা নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে । চৰ-ভুকুৰ সমান্তৰালভাৱে গাৰুৰে হেঁচা মাৰি পৰিকল্পিতভাৱে হত্যাৰো চেষ্টা চলোৱা বুলি প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগ তুলিছে ভুক্তভোগীয়ে । ভুক্তভোগী বোৱাৰীগৰাকীৰ পিতৃয়ে বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৷

আনহাতে, এই সমস্ত অভিযোগ নস্যাৎ কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকা তথা পৰিয়ালটোৱে ৷ আইনৰ কাষ চাপিব বুলি পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

লগতে পঢ়ক: Allegation Against EX Minister Family: প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ

Last Updated :Nov 5, 2023, 8:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.