Three Leopards caged within a week:নামৰূপত এসপ্তাহত তিনিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Jun 20, 2023, 10:56 PM IST

thumbnail

নাহৰকটীয়া, ২০ জুন :  নাহৰকটীয়া আৰু ইয়াৰ উপকণ্ঠ এলেকা ক্ৰমে নামৰূপ, উমাতাৰা, চট্টিশপুৰ আদিত নাহৰফুটুকীৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । সমীপৱৰ্তী দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি চাহ বাগিছাসমূহৰ জনবসতিপূৰ্ণ শ্ৰমিক লাইন বিলাকৰ আশে-পাশে মুক্তভাৱে বিচৰণ কৰি থকা নাহৰফুটুকীবোৰক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ।

নামৰূপৰ চট্টিশপুৰ চাহ বাগিচাত মঙলবাৰে পুনৰ এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হয় ৷ বাগিচা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বন বিভাগে মঙলবাৰে বিয়লি পিঞ্জৰাবদ্ধ বাঘটো উদ্ধাৰ কৰে ৷ উল্লেখ্য যে আজিৰ সৈতে বাগিচাখনত এতিয়ালৈকে তিনিটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ৷ বাঘ কেইটা উদ্ধাৰ কৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় ৷

শেহতীয়াকৈ বন বিভাগৰ তৎপৰতাত বিগত পাঁচদিনত ধাৰাবাহিকভাবে নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত দিল্লী, উমাতাৰা আৰু চট্টিশপুৰ চাহ বাগিচাৰ এলেকাৰ পৰা তিনিটাকৈ নাহৰফুটুকীক পিঞ্জৰাবদ্ধ কৰা হৈছে । উল্লেখ্য যে নিকতৱৰ্তী অঞ্চলকেইটাত ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীকেইটা বহু পশুধন আৰু এটি শিশুৰ মৃত্যুৰ কাৰণো হৈ পৰিছিল । বিগত ২৪ এপ্ৰিলত চট্টিশপুৰ চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত নিহত হৈছিল এটি আঠ বছৰীয়া শিশু । মোমায়েকৰ লগত ঘাঁহ কাটিবলৈ যোৱা শিশুটিক বাগিচাৰ তিনিআলি এটাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু শিশুটিৰ ডিঙিত বাঘৰ আক্ৰমণৰ চিনো প্ৰত্যক্ষ কৰা গৈছিল ।

জয়পুৰ বন বিভাগৰ অধীনস্থ নাহৰকটীয়া আৰু দিল্লী খণ্ড বন বিভাগে বাঘৰ শংকা দূৰ কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাই শুকুৰবাৰ, সোমবাৰ আৰু পুনৰ আজি মঙলবাৰে এতিয়ালৈকে তিনিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলকেইটাৰ ৰাইজে ।

লগতে পঢ়ক : People hospitalized after eating wild mashroom: বনৰীয়া কাঠফুলা খাই মেৰাপানীত অসুস্থ পাঁচজনকৈ লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.