Drug addicts detained: ৰঙিয়াত ড্ৰাগছ সেৱন কৰি ৩ যুৱক পৰিল ৰাইজৰ ৰোষত

By

Published : Jun 10, 2023, 6:59 PM IST

thumbnail

ৰঙিয়া,১০ জুন: ৰঙিয়াত এটা ভাইৰেল ভিডিঅ'ই লাভ কৰিছে বিশেষ চৰ্চা । ভাইৰেল হোৱা ভিডিঅটোত তিনি ড্ৰাগছ আসক্ত যুৱকক ৰাইজে ৰাজহুৱাকৈ শাস্তি প্ৰদান কৰা পৰিলক্ষিত হৈছে (Drug addicts detained) । উক্ত ঘটনা হৈছে ৰঙিয়াৰ বৰডোঙা বটাকুছিৰ । ৰঙিয়াত তিনি ড্ৰাগছ আসক্ত যুৱকক শাস্তি প্ৰদান কৰিলে ৰাইজে (Drug addicts punished by public in Rangia) ।  

ড্ৰাগছ সেৱনৰ সময়তে হাতেলোটে ধৰা পৰে তিনি যুৱক । অঞ্চলটোৰ এজন লোকৰ ঘৰৰ পিছফালে ঘন বাঁহনিৰ মাজত ড্ৰাগছ সেৱন কৰি আছিল যুৱক কেইজনে । ড্ৰাগছ সেৱন কৰি ৰাইজৰ আদালতত শাস্তিৰ সন্মুখীন হোৱা যুৱককেইজন ৰঙিয়াৰ ১ নং ধুহিৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ঘন জংঘলৰ মাজত তিনি যুৱকে মাৰাত্মক ড্ৰাগছ সেৱন কৰি থকা মুহুৰ্ততে একাংশ ৰাইজ উপস্থিত হোৱাত পলাবলৈ চেষ্টা কৰিছিল তিনি ড্ৰাগছ আসক্ত যুৱকে(Three drug addicts detained by public in Rangia) ।  

কিন্তু ৰাইজে চাৰিওফালৰ পৰা ঘেৰি ধৰি আটক কৰে তিনি যুৱকক । লগে লগে একাংশ লোকে লপা থপা দিয়ে তিনি ড্ৰাগছ আসক্ত যুৱকক । আন এচামে আকৌ কানত ধৰি উঠা বহা কৰিবলৈ দিয়ে তিনি যুৱকক । ৰাইজৰ আদালতত শাস্তি লাভ কৰি তিনি যুৱকে ভৱিষ্যতে ড্ৰাগছ সেৱন নকৰো বুলি প্ৰতিশ্ৰুতি দিয়াত ৰাইজে এৰি দিয়ে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.