Moran theft incident:দিন দুপৰতে তিনিটা বাসগৃহত চোৰে চলালে চাফাই অভিযান

By

Published : Aug 4, 2023, 7:31 PM IST

thumbnail

মৰাণ, 4 আগষ্ট : মৰাণত দিনক দিনে বৃদ্ধি পাইছে চুৰি ডকাইতি ঘটনা । নিশাৰ কথা বাদে দিনতেই চোৰৰ উপদ্ৰৱ মৰাণত। মৰাণৰ নতুন নগৰৰ ২ নং সোণালী পথৰ কাষত শুকুৰবাৰে দিন দুপৰতে তিনিটা পৰিয়ালত চুৰিকাণ্ড সংঘটিত হয় ।

চোৰে ৰূপম শইকীয়াৰ বাসগৃহ আৰু তেঁওৰ চৌহদত ভাৰাতীয়া হিচাপে থকা মনিষা গগৈ আৰু মাজনী সোণোৱালৰ ঘৰত লুটপাট চলায় । দিনৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰূপম শইকীয়াৰ ঘৰৰ পৰা আলমাৰি লকাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে এটা টেবলেট আৰু কিছু সামগ্ৰী লৈ যায় ৷

ভাৰাতীয়া মনীষা গগৈৰ ঘৰৰ পৰা ঘৰৰ তলা ভাঙি নগদ প্ৰায় ৫,০০০ টকাৰ লগতে আনুমানিক তিনি লাখ টকাৰ সোণৰ গহনা চুৰি কৰি লৈ যায় । ইফালে ভাৰাঘৰত থকা মাজনী সোণোৱালৰ পৰিয়ালটোৰ চুৰি হোৱা সামগ্ৰীৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই ।

ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে নিশা মৰাণ থানাৰ সমীপৰ পৰাই ৰখাই থোৱা স্কুটীৰ পৰা চোৰে লৈ গৈছিল সোণৰ লগতে নগদ ধন । মৰাণৰ গোলচন মাৰ্কেটৰ ময়ুৰী জুৱেলাৰ্ৰচৰ গৰাকী জয়চন্দ বাৰ্মা পৰা চোৰে লৈ গৈছিল সোণৰ লগতে নগদ ধন । এই ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে চোৰ আটক কৰিবলৈ নাপাওঁতেই আজি পুনৰ এই ঘটনাই মৰাণ আৰক্ষীক লাজত পেলাইছে ।

লগতে পঢ়ক : Jamugurihat theft incident: চিকিংসাৰ বাবে চেন্নাইলৈ যাওঁতেই চোৰে চলালে চাফাই অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.