Jamugurihat theft incident: চিকিংসাৰ বাবে চেন্নাইলৈ যাওঁতেই চোৰে চলালে চাফাই অভিযান

By

Published : Jul 31, 2023, 5:52 PM IST

Updated : Jul 31, 2023, 7:27 PM IST

thumbnail

চতিয়া, ৩১ জুলাই : শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অব্যাহত চোৰৰ উপদ্ৰৱ । ধলাইবিলৰ পিচত এইবাৰ অঞ্চলটোৰ কুসুমটোলাত চোৰে চলালে চাফাই অভিযান । চিকিংসাৰ বাবে চেন্নাইলৈ যোৱা জামুগুৰিহাটৰ শিক্ষক দম্পতীৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান ।

কুসুমটোলাৰ এম প্ৰসাদ নেওঁপানী নামৰ শিক্ষকজনৰ ঘৰৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন । চিকিংসাৰ বাবে বিগত ১৭ জুলাইত পত্নীৰ সৈতে চেন্নাইলৈ যোৱা শিক্ষকজন ঘৰলৈ ঘূৰি আহি সোমবাৰৰ পুৱা নিজ ঘৰত উপস্থিত হৈ চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে ।

পিছফালৰ দৰ্জা ভাঙি চোৰ প্ৰৱেশ কৰি আলমাৰিৰ তলা খুলি লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধনলৈ উধাও হয় চোৰ । ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে যোৱা দুই তিনিমাহৰ ভিতৰত জামুগুৰিহাটৰ বিভিন্ন স্থানত কেইবাটাও চুৰিকাণ্ড সংঘটিত হৈছে ।

লগতে পঢ়ক : Guwahati theft incident:পাথৰকোৱেৰীৰ মেগজিনত পুৱতি নিশা চুৰিকাণ্ড

Last Updated : Jul 31, 2023, 7:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.