গড়চুক আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ সাত গভাইত চোৰ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:32 AM IST

thumbnail

গুৱাহাটী, 29 ডিচেম্বৰ : আপোনাৰ অঞ্চলৰ নামঘৰ নাইবা মন্দিৰৰ সামগ্ৰী চুৰি হৈছে নেকি ? যদিহে হৈছে তেনেহ’লে এতিয়াই খবৰ কৰক গড়চুক আৰক্ষী থানাত । কিয়নো গড়চুক আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে মন্দিৰত ব্যৱহৃত বহু সামগ্ৰী ।

বৃহস্পতিবাৰে পুৱাই মহানগৰীৰ গড়চুকত আৰক্ষী আৰু SOG য়ে যুটীয়া অভিযান চলাই উদ্ধাৰ কৰে বহু চুৰি সামগ্ৰীসমূহ । বিশেষকৈ ইয়াৰ ভিতৰত আছে মন্দিৰ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত ব্যৱহৃত সামগ্ৰী । লগতে আছে ই-ৰিক্সাৰ বেটাৰী, স্কুলৰ নতুন ব্লেক বৰ্ড, গাড়ীৰ চকা আদি ।

গড়চুকৰ মফিদুল ইছলাম নামৰ এজন লোকৰ এটা ডেম্পৰ পৰা উদ্ধাৰ কৰে সামগ্ৰীখিনি । ইতিমধ্যে এই চুৰি সামগ্ৰীখিনিৰ লগতে অভিযুক্ত সাতটাকৈ চোৰকো আটক কৰে গড়চুক আৰক্ষীয়ে । ধৃত চোৰ কেইটা মুছলিম উদ্দীন, হাছেন আলী, আব্দুল হক, গোলাম হুছেইন, চানিদুল ইছলাম, ৰাজাবুল ইছলাম আৰু কাচেম আলী বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, চুৰি সামগ্ৰীসমূহৰ লগতে আৰক্ষীয়ে বহুতো আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে ডেম্পটোৰ পৰা । 

লগতে পঢ়ক: সৰুপথাৰত গোলাঘাট পৰিবহণ বিভাগৰ তালাচী অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.