স্মাৰ্ট আৰক্ষীক চেলেঞ্জ কৰি বিদ্যালয়ৰ পৰা চোৰে নিলে কম্পিউটাৰৰ অংশ

By

Published : Jun 10, 2022, 3:37 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা (Theft in Guwahati)। স্মাৰ্ট আৰক্ষীৰ দূৰ্বলতাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা । এইবাৰ চোৰৰ টাৰ্গেট নাৰেংগীৰ এখন বিদ্যালয়(Narengi High School) । নুনমাটি আৰক্ষী থানাৰ(Noonmati Police Station) অন্তৰ্গত নাৰেংগী হাইস্কুলত বৃহস্পতিবাৰে নিশা চোৰে চলালে লুটপাত । বিদ্যালয়ৰ তলা ভাঙি কম্পিউটাৰ লেবত প্ৰৱেশ কৰি চোৰে লৈ গ’ল ৪ টা কম্পিউটাৰৰ মনিটৰ, ৪ টা চি পি ইউ, ৫খন কি-বোৰ্ড আৰু ৫ টা ইউ পি এছ ৷ আনকি বিদ্যালয়খনৰ এটা পানীৰ মটৰো চোৰে নিয়াৰ চেষ্টা কৰিছিল যদিও বিফল হ’ল । ঘটনাৰ সন্দৰ্ভত নুনমাটি থানাৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.