আৰক্ষীৰ চকুত ধূলি দি থানাৰ পৰাই পলাল গভাইত চোৰ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 7:41 AM IST

thumbnail

তিতাবৰ, 9 ডিচেম্বৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষী সদা সষ্টম হৈ থকাৰ সময়তে আৰক্ষীৰ ল’ক আপৰ পৰাই পলায়ন কৰিলে অপৰাধী ৷ মেৰাপানী আৰক্ষী থানাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । মেৰাপানী আৰক্ষী থানাৰ পৰাই পলাল এটা গভাইত চোৰ ।

জানিব পৰা মতে, বৃহস্পতিবাৰৰ নিশা মেৰাপানীৰ জাতীয় মহাবিদ্যালয়ৰ পৰা সামগ্ৰী চুৰি কৰিবলৈ আহি ৰাইজে হাতে-লোটে ধৰা পেলায় টিংকু কলিতা আৰু ভাইটি দাস নামৰ দুটা চোৰক ৷ ইয়াৰ পিচতে মেৰাপানী আৰক্ষীক চোৰ দুটাক গতাই দিয়ে কৃষ্ণশ্ৰামী গাঁওৰক্ষী বাহিনীয়ে ।

কিন্তু নিশাই মেৰাপানী আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে ভাইটি দাস নামৰ চোৰটোৱে পলাই যায় বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে মেৰাপানীত ।

লগতে পঢ়ক : তিতাবৰত চাহ শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত : কথমপি প্ৰাণৰক্ষা ২৩ শ্ৰমিকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.