Theft in Nagaon : নগাঁৱত চোৰে লুটিলে কেবালক্ষাধিক টকাৰ সোণৰ গহনাকে ধৰি মূল্যবান সামগ্ৰী

By

Published : Aug 16, 2023, 12:44 PM IST

thumbnail

নগাঁও, 16 আগষ্ট: নগাঁৱৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে চোৰৰ উপদ্ৰৱ । নগাঁৱৰ বৈদ্যটুপ ৰূপনগৰত বিগত কিছুদিন ধৰি অব্যাহত আছে চোৰৰ উপদ্ৰৱ  । নগাঁৱৰ বৈদ্যটুপৰ পূৰ্ণিমা বৰা নামৰ মহিলাগৰাকীৰ বাসগৃহতো চোৰে চলালে লুটপাত । ঘৰত কোনো নথকাৰ সুযোগলৈ গ্ৰীলৰ তলা ভাঙি প্ৰৱেশ কৰা চোৰে সোণৰ আ-অলংকাৰ, নগদ ধন, কাঁহৰ বাচন-বৰ্তনৰ লগতে লুটি নিয়ে ঘৰটোৰ বহু মূল্যবান সা-সামগ্ৰী । 

13 আগষ্টৰ দিনা যোৰহাটলৈ যোৱা পূৰ্ণিমা বৰাৰ পৰিয়ালটো মঙলবাৰৰ সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিচতহে চুৰিকাণ্ডৰ বিষয়ে অৱগত হয় । প্ৰথমে গ্ৰীলৰ আৰু পিছত ঘৰৰ দুৱাৰৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে পৰিয়ালটো । পিছত ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই চুৰি কাণ্ড সন্দৰ্ভত অৱগত হয় । প্ৰায় চাৰি লাখ টকাৰো অধিক সোণৰ গহনা, নগদ ধন চোৰে লুটি নিয়ে বুলি কয় ভুক্তভোগী গৃহস্থই । 

ঘটনা সন্দৰ্ভত মঙলবাৰে নিশাই নগাঁও সদৰ থানাত পৰিয়ালটোৱে গোচৰ ৰুজু কৰে । নিশাই আৰক্ষীৰ লোক পূৰ্ণিমা বৰাৰ বাসগৃহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অৱশ্যে এই পৰ্যন্ত চুৰি কাণ্ডৰ সৈতে জড়িত কোনো এজন লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । 

লগতে পঢ়ক: FIR against bhabesh kalita: ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে নগাঁৱত গোচৰ, ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.