Theft incident: সুন্দৰীদিয়াৰ ভাগৱত শাস্ত্ৰ অধ্যয়নাগাৰৰ লগতে দুখনকৈ দোকানত চুৰি

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:16 PM IST

thumbnail

বৰপেটা, ৭ ছেপ্টেম্বৰ: ক্ৰমাৎ চোৰৰ ৰম্যভূমিলৈ পৰিণত হৈছে বৰপেটা ৷ দীৰ্ঘদিন ধৰি বৰপেটাত অব্যাহত আছে চোৰৰ তাণ্ডৱ ৷ ইটোৰ পিচত সিটোকৈ চুৰিকাণ্ডৰ ঘটনাই নিদ্ৰা হৰণ কৰিছে বৰপেটাবাসী ৰাইজৰ ৷ পুনৰ বুধবাৰে নিশাও বৰপেটা নগৰৰ সুন্দৰীদিয়াত সংঘটিত হৈছে চুৰিৰ ঘটনা ৷ সুন্দৰীদিয়াৰ ভাগৱত শাস্ত্ৰ অধ্যয়নাগাৰৰ লগতে সমীপৰ দুখনকৈ দোকানত চোৰে চাফাই অভিযান চলায় ৷  শাস্ত্ৰ অধ্যয়নাগাৰটোৰ শৰাই তথা দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰণামীৰ ধন ৷

ইপিনে শাস্ত্ৰ অধ্যয়নাগাৰটোৰ সমীপৰ গেলামাল আৰু কম্পিউটাৰ দোকান দুখনতো চুৰি ঘটনা সংঘটি হয় ৷ দোকান দুখনৰ পৰা চোৰে নগদ ধন লুট কৰাৰ বাদে আন কোনো সামগ্ৰী চুৰি কৰি নিয়া নাই ৷ লক্ষ্যণীয় যে, বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হোৱা এই চুৰি ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে  ৷ উল্লেখ্য যে, কিছুদিন পুৰ্বে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতো সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷

লগতে পঢ়ক: Theft incident: ঘৰৰ কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.