Theft incident: ঘৰৰ কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 10:48 PM IST

thumbnail

ধেমাজি, 6 আগষ্ট : ধেমাজিত চোৰৰ চাফাই অভিযান ৷ চোৰে আ-অলংকাৰৰ লগতে লৈ গ’ল গৃহস্থৰ শিক্ষাৰ্গত অৰ্হতা থকা প্ৰমাণ-পত্ৰও ৷ বুধবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌখাম গাঁৱৰ পূৰ্নিমালা দুৱৰা বৰগোহাঁইৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে 4 টাকৈ আলমিৰা ভাঙি লুটি নিয়ে শিক্ষাৰ্গত অৰ্হতাৰ প্ৰমাণ-পত্ৰসহ যাৱতীয় নথিৰ লগতে কেবা লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন ৷ 

জানিব পৰা মতে দিনৰ ৯.৩০ বজাতে ধেমাজি চিৰিপানী অঞ্চলত আত্মীয় ঘৰত সকাম খাবলৈ গৈছিল পৰিয়ালটোৱে ৷ তাৰ পিচতে তেওঁলোক ঘূৰি অহালৈ ঘৰৰ ভিতৰত আচবাবপত্ৰ লণ্ড-ভণ্ড হৈ থকা দেখি মূৰে-কঁপালে হাত দিয়ে ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ধেমাজি সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক: Nuh Violence Update : হিংসাৰ পাছত ছাত্ৰ-ছাত্ৰী শূণ্য নুহৰ বিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.