Jan Sampark Abhiyan: বিজেপিৰ ক'ৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

By

Published : May 20, 2023, 7:21 AM IST

Updated : May 20, 2023, 8:02 AM IST

thumbnail

গুৱাহাটী, ২০ মে’ : লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে দেশৰ ৰাজনৈতিক দলসমূহৰ । ব্যতিক্ৰম নহয় শাসকীয় ভাৰতীয় জনতা পাৰ্টী । লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা বিজেপিৰ । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ক'ৰ কমিটিৰ বৈঠক (BJP drive after Karnataka results) । বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰামেশ্বৰ তেলী প্ৰমুখ্যে ক'ৰ কমিটিৰ সদস্যসকল ।

ক'ৰ কমিটিৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিয়ে চলাব জনসম্পৰ্ক অভিযান । ৩০ মে’ৰ পৰা ৩০ জুনলৈ চলিব এই জনসম্পৰ্ক অভিযান (Jan Sampark Abhiyan) । প্ৰতিখন জিলা, প্ৰতিটো বিধানসভা, লোকসভা সমষ্টি, প্ৰতিটো মণ্ডলত হ’ব জনসম্পৰ্ক অভিযান । ১৪ টা লোকসভা সমষ্টিত চৈধ্যখন সম্পৰ্কৰক্ষী সভা পাতিব বিজেপিয়ে । ইয়াৰে এখন জনসভাত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে ।

নগাঁও অথবা লখিমপুৰৰ জনসভাত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে । লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পৃথকে পৃথকে বিভিন্ন লোকসভা সমষ্টিৰ জনসভাত ভাগ ল'ব (BJP is gearing up for the jansampark abhiyan) । জনসভাসমূহৰ দিন শনিবাৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্যনিৰ্বাহকত লোৱা হ’ব । ক'ৰ কমিটিত বৈঠকৰ অন্তত এই কথা জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

লগতে পঢ়ক : BJP election stategy: কৰ্ণাটকৰ ফলাফলৰ পিচতে ব্যাপক তৎপৰতা শাসকীয় দল বিজেপিৰ

Last Updated : May 20, 2023, 8:02 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.