ETV Bharat / state

BJP election stategy: কৰ্ণাটকৰ ফলাফলৰ পিচতে ব্যাপক তৎপৰতা শাসকীয় দল বিজেপিৰ

author img

By

Published : May 18, 2023, 2:21 PM IST

BJP
ব্যাপক তৎপৰতা শাসকীয় দল বিজেপিৰ

শেহতীয়া কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত শংকিত অসম বিজেপিয়ে সবিশেষ আলোচনাৰ বাবে ১৯ আৰু ২০ মে’ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাজ্যিক বিষয়ববীয়া আৰু কার্যনিৰ্বাহকৰ সভা । ৩০ মে'ৰ পৰা ৰাজ্যজুৰি বিজেপিৰ মহাসম্পর্ক অভিযান । বিধানসভাৰ নিৰ্বাচনত বিপৰ্যয়ৰ পাচত দলীয় বিষয় আলোচনা কৰিবলৈ সাজু হৈছে বিজেপিৰ অসম ৰাজ্যিক কমিটী । সম্পৰ্ক স্থাপনৰ বাবে ঘৰে ঘৰে যোৱাৰ পৰিকল্পনা (BJP drive after Karnataka results) ।

গুৱাহাটী, ১৮ মে’ : কর্ণাটকৰ নিৰ্বাচনী ফলাফলে বিজেপিৰ আত্মবিশ্বাসত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকৰ শোচনীয় পৰাজয়ে শাসকীয় দলটোক যথেষ্ট শংকিত কৰি তুলিছে । এনে প্ৰেক্ষাপটতে সম্প্ৰতি দেশৰ আন প্ৰান্তৰ লগতে অসমতো নতুন ৰণকৌশলেৰে অগ্ৰসৰ হ’বলৈ সাজু হৈছে বিজেপি । কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ পিচতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে ৰাজ্যিক বিজেপিয়ে অহা ২০ মে'ত জৰুৰীভাৱে আয়োজন কৰিছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আগদিনা অর্থাৎ ১৯ মে'ত অনুষ্ঠিত হ’ব দলীয় বিষয়ববীয়াৰ সভা । ইতিমধ্যে এই কাৰ্যনিৰ্বাহক সভাত সকলো কাৰ্যনিৰ্বাহক সদস্যক উপস্থিত থাকিবৰ বাবে ৰাজ্যিক কমিটীয়ে নিৰ্দেশনা জাৰি কৰিছে (BJP election stategy) ।

শাসকীয় দলটোৰ এটা শীৰ্ষ সূত্ৰই জনোৱা মতে ৰাজ্যিক বিষয়ববীয়াৰ সভা আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ বিস্তৃতভাৱে আলোচনা কৰা হ'ব । কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ প্ৰভাৱ যাতে লোকসভাৰ নিৰ্বাচনত পৰিব নোৱাৰে, সেই দিশত চকু দি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কাৰ্যনিৰ্বাহকত আলোচনা কৰা হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে । সূত্ৰটো অনুসৰি লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৩০ মে’ৰ পৰা বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰিব মহাসম্পৰ্ক অভিযান । এই মহাসম্পর্ক অভিযানে সামৰি ল'ব ৰাজ্যখনৰ সকলো হিতাধিকাৰীৰ লগতে সাধাৰণ জনতাক । বিজেপি কার্যকর্তাসকলে প্ৰতিজন হিতাধিকাৰীৰ বাসগৃহলৈ গৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি তথা কাম-কাজৰ বিষয়ে অৱগত কৰাৰ লগতে আগন্তুক সময়ত তেওঁলোকৰ পৰা সহায় আৰু সমর্থন বিচাৰিব । কেৱল হিতাধিকাৰী বুলিয়েই নহয়, গাঁৱে-ভূঞে, চহৰে-নগৰে থকা প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাব বিজেপিৰ কাৰ্যকৰ্তা । ইয়াৰ বাবে গঠন কৰা হ'ব কেইবাখনো কমিটী । য’ত থাকিব মন্ত্ৰী-বিধায়কৰ লগতে সাংসদ আৰু ৰাজ্যিক বিষয়ববীয়া ।

মহাসম্পর্ক অভিযানৰ জৰিয়তে বিজেপি কার্যকর্তাসকলে দলৰ পুৰণি নেতা-কৰ্মীৰ ঘৰলৈ গৈ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিব । তদুপৰি সমাজৰ বিশিষ্ট ব্যক্তিসকলকো সাক্ষাৎ কৰিব বিজেপিৰ কাৰ্যকৰ্তাসকলে । মহাসম্পর্ক অভিযানৰ বিষয়ে আলোচনা কৰিবলৈয়ে ১৯ আৰু ২০ মে’ত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিবলৈ লৈছে ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সভাৰ । উক্ত সভাত নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত অন্যান্য বিষয়ো আলোচনা কৰিব শাসকীয় দলটোৱে । ইপিনে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পিচতে বিজেপিয়ে জিলা আৰু মণ্ডল পৰ্যায়তো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি মহাসম্পৰ্ক অভিযানৰ বিষয়ে আলোচনা কৰিব (BJP drive after Karnataka results) ।

আনহাতে মহাসম্পৰ্ক অভিযানৰ সমান্তৰালকৈ মোডী চৰকাৰৰ নৱম বর্ষপূৰ্তি উপলক্ষেও এলানি কার্যসূচী গ্ৰহণৰ ব্যৱস্থা কৰিছে বিজেপিয়ে । মোডী চৰকাৰৰ বিভিন্ন আঁচনি তথা কাম-কাজ ৰাইজৰ মাজলৈ লৈ যাব বিজেপিৰ কার্যকর্তাসকলে । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তলৈকে এনে তৎপৰতা চলাই যাব বিজেপিৰ কাৰ্যকৰ্তাসকলে । লক্ষণীয় বিষয় যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিচতে ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে বিজেপিৰ নেতৃবৃন্দ । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'ব ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, তেলেংগানা আৰু মিজোৰাম বিধানসভাৰ নিৰ্বাচন । উক্ত ৰাজ্যকেইখনৰ নিৰ্বাচনী ফলাফলৰ ওপৰতো এতিয়া দৃষ্টি নিবদ্ধ হৈছে দেশবাসীৰ । এনে প্ৰেক্ষাপটতে সম্প্ৰতি উদ্বিগ্ন হৈ পৰা গেৰুৱা দলটোৰ নেতৃবৰ্গই সকলো ৰাজ্যৰ দলীয় নেতৃত্বক তৃণমূল পর্যায়ত অভিযান চলাবলৈ নিৰ্দেশ দিছে । ইয়াৰ অংশস্বৰূপেই এতিয়া ৰাজ্যিক বিজেপিয়ে মহাসম্পর্ক অভিযান চলাবলৈ সাজু হৈছে ।

লগতে পঢ়ক : Modi cabinet reshuffle : ৰিজিজুক আঁতৰাই অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.