ETV Bharat / bharat

Modi cabinet reshuffle : ৰিজিজুক আঁতৰাই অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি

author img

By

Published : May 18, 2023, 10:55 AM IST

Updated : May 18, 2023, 1:25 PM IST

ৰাজস্থানৰ জ্যেষ্ঠ বিজেপি নেতা অৰ্জুন ৰাম মেঘৱালক দেশৰ নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে (New Law Minister Arjun Ram Meghwal)। কিৰেণ ৰিজিজুক আঁতৰাই মেঘৱালক দিয়া হৈছে এই দায়িত্ব । ৰিজিজুৱে ল'ব আৰ্থ ছায়েন্স মন্ত্ৰালয়ৰ দায়িত্ব ।

Modi cabinet reshuffle
ৰিজিজুক আঁতৰাই অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি

নেশ্যনেল ডেস্ক,১৮ মে': কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সাল-সলনি । কিৰেণ ৰিজিজুক আঁতৰাই আইন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে অৰ্জুন ৰাম মেঘৱালক (Arjun Ram Meghwal replaces Kiren Rijiju)। ইফালে মেঘৱালে ইয়াৰ অংশ হিচাপে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বাহিৰেও ৰিজিজুৰ বাকী দপ্তৰসমূহো লাভ কৰিব । ৰিজিজুৱে ২০২১ চনৰ ৮ জুলাইত আইন আৰু ন্যায় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ।

ইয়াৰ পূৰ্বে তেওঁ ২০১৯ চনৰ মে' মাহৰ পৰা ২০২১ চনৰ জুলাই মাহলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সূত্ৰৰ মতে কিৰেণ ৰিজিজুৱে এইবাৰ আৰ্থ ছায়েন্স মন্ত্ৰালয়ৰ দপ্তৰ গ্ৰহণ কৰিব (Kiren Rijiju will handle Earth Sciences department)। অৰ্জুন ৰাম মেঘৱালে ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাৰে কাৰ্যনিৰ্বাহ কৰি আছে ।

ৰাষ্ট্ৰপতি ভৱনৰ এক চমু বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকলৰ মাজত দপ্তৰ পুনৰ নিৰ্ধাৰণ কৰিছে । আৰ্থ ছায়েন্স মন্ত্ৰালয়ৰ দপ্তৰ কিৰেণ ৰিজিজুক আৱণ্টন দিয়া হ'ব বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

এই বছৰতে ৰাজস্থানত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Rajasthan upcoming election 2023)। তাৰ প্ৰাকক্ষণত ৰাজস্থানৰ নেতা অৰ্জুন ৰাম মেঘৱালক এই নতুন দায়িত্ব দিয়াৰ আঁৰত বিজেপিৰ নিৰ্বাচনী ৰণনীতি একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে ।

ইফালে বিৰোধীয়েও কিৰেণ ৰিজিজুক সমালোচনা কৰা দেখা গৈছে (Oppositions slams Kiren Rijiju)। আইন মন্ত্ৰালয়ৰ পৰা আৰ্থ ছায়েন্স মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰা কিৰেণ ৰিজিজুক বিফল আইন মন্ত্ৰী বুলি অভিহিত কৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে ।

কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে ন্যায়িক নিযুক্তিৰ কলেজিয়াম প্ৰণালীৰ বিৰুদ্ধে নিয়মীয়াকৈ সোচ্চাৰ হৈ থকা ৰিজিজুক বিফল আইন মন্ত্ৰী বুলি অভিহিত কৰে । ঠাকুৰে আশা কৰিছে যে অৰ্জুন ৰাম মেঘৱালে আইন মন্ত্ৰী হিচাপে সন্মানজনকভাৱে কাম কৰিব । আনহাতে জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যসভাৰ সাংসদ কপিল চিব্বালে কয় যে আইনৰ আঁৰৰ বিজ্ঞান বুজি পোৱাটো সহজ নহয় । বিফল আইন মন্ত্ৰীয়ে আৰ্থ ছায়েন্সত কেনেকৈ আগবাঢ়ে সেয়া তেওঁ হে জানিব বুলিও কয় চিব্বালে ।

লগতে পঢ়ক :2008 Mumbai attack : মুম্বাই আক্ৰমণত জড়িত তাহাৱুৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ আমেৰিকাৰ

Last Updated : May 18, 2023, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.