গ্ৰীষ্মই দহা পৰত দেৱভূমিত তুষাৰপাত - Snowfall in Uttarakhand

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:54 PM IST

thumbnail

চামোলী(উত্তৰাখণ্ড), 27 এপ্ৰিল: সমগ্ৰ দেশতে বৃদ্ধি পাইছে গৰমৰ প্ৰাদুৰ্ভাৱ । বহুতো ৰাজ্যত তাপমাত্ৰা অত্যধিক হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্ধিত তাপমাত্ৰাই বৃদ্ধি কৰিছে সমস্যা । ইয়াৰ বিপৰীতে, উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী চামোলী জিলাত পৰি আছে বৰফ । চামোলীৰ নিতি উপত্যকাৰ দ্ৰোণাগিৰিৰ ভিতৰুৱা গাঁৱত প্ৰচণ্ড তুষাৰপাতৰ খবৰ লাভ কৰা গৈছে । জানিব পৰা মতে ইয়াৰ ফলত গাওঁবাসীৰ বাসগৃহও ক্ষতিগ্ৰস্ত হৈছে ।

বিগত তিনি-চাৰিদিন ধৰি একেৰাহে তুষাৰপাত হৈ আহিছে অঞ্চলটোত । ফলত বহুতো ঘৰৰ চাল বৰফেৰে আৱৰি ধৰিছে । শুকুৰবাৰৰ সন্ধিয়াৰ তুষাৰপাতৰ মাত্ৰা বৃদ্ধি পোৱাত একৰ পৰা দুই ফুট পৰ্যন্ত বৰফ জমা হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে যোৱা তিনিৰ পৰা চাৰি দিনধৰি প্ৰতিকূল বতৰৰ বাবে গাওঁবাসীয়ে আন ঠাইত আশ্ৰয় ল’বলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক: অৰুণাচল চীন সীমান্তত ভূমিস্খলন; জাহ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.