Recognition of medical college:বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিলক লৈ চাঞ্চল্য

By

Published : Jun 1, 2023, 2:05 PM IST

Updated : Jun 1, 2023, 2:15 PM IST

thumbnail

বৰপেটা, ১ জুন : পুৱাই হুৱাদুৱা লাগিল আজি ৰাজ্যত ৷ খবৰ আহিল অসমৰ কেইবাখনো মেডিকেল কলেজৰ স্বীকৃতি বাতিল হোৱা বুলি ! সমগ্ৰ ৰাজ্যতে খলকনি তুলিলে খবৰটোৱে ৷ পিছে ইটিভি ভাৰতৰ সাংবাদিকে মেডিকেল কলেজ কৰ্তৃপক্ষৰ সৈতে এই সম্পৰ্কত আলোচনা কৰাত জানিব পৰা গ’ল যে স্বীকৃতি বাতিল হোৱাৰ দৰে কোনো ঘটনা ঘটা নাই (Recognition of medical college) ৷

বাতিল হোৱা নাই বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি (Accreditation of medical colleges in Assam) ৷ নেশ্যনেল মেডিকেল কাউঞ্চিলৰ এয়া এক গতানুগতিক প্ৰক্ৰিয়া বুলিহে অভিহিত কৰিলে মেডিকেল কলেজ কৰ্তৃপক্ষই ৷ বিগত ফেব্ৰুৱাৰী মাহত NMCএ পৰিদৰ্শন কৰিছিল বৰপেটা মেডিকেল কলেজ ৷ এই পৰিদৰ্শনকালত মেডিকেল কলেজখনত চিকিৎসকৰ সংখ্যাকে ধৰি কিছু সমস্যাৰ কথা ধৰা পৰিছিল ৷ ইয়াৰ পিচতেই শেহতীয়াভাৱে NMC এ বৰপেটা মেডিকেল কলেজলৈ এই সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰে ৷ বিশেষকৈ চিকিৎসকৰ সংখ্যা আৰু চিকিৎসকৰ উপস্থিতি কম হোৱাক লৈ NMC এ মেডিকেল কলেজলৈ পত্ৰ প্ৰেৰণ কৰিছে (Barpeta medical college hospital) ৷

মেডিকেল কলেজ কৰ্তৃপক্ষই জনোৱামতে, NMCএ দেখুওৱা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক : Kharam worn by Sankardev:অসমৰ দুঠাইত সযতনে ৰখা হৈছে গুৰুজনাৰ খৰমযোৰ

Last Updated : Jun 1, 2023, 2:15 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.