Kharam worn by Sankardev:অসমৰ দুঠাইত সযতনে ৰখা হৈছে গুৰুজনাৰ খৰমযোৰ

By

Published : Jun 1, 2023, 12:29 PM IST

thumbnail

মাজুলী, 1 জুন :  ১৬৬৩ চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণি আতাই স্থাপন কৰিছিল প্ৰাচীন চামগুৰি সত্ৰ । এই সত্ৰখনত আছে বহু পৌৰাণিক সমল । এই ঐতিহাসিক সত্ৰখন স্থাপন কৰা সময়তে শংকৰদেৱৰ নাতি চক্ৰপাণি আতাই আনিছিল গুৰুজনাৰ ব্যৱহৃত খৰমযোৰ ।

বৰ্তমানে প্ৰাচীন চামগুৰি সত্ৰত অনুষ্ঠিত হৈছে খৰম গৃহ লোৱা অনুষ্ঠান । পূৰ্বৰ যি গৃহ আছিল সেয়া দিন বাগৰাৰ লগে লগে জৰাজীৰ্ণ হৈ পৰিছিল । জৰাজীৰ্ণ হৈ পৰা গৃহ ভাঙি সত্ৰৰ লগতে বিভিন্ন প্ৰান্তৰ সত্ৰৰ শিষ্যৰ দান বৰঙণিৰে নিজ খৰছত নিৰ্মাণ কৰা হৈছে এই খৰম গৃহ ।

বৰ্তমান মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰত গুৰুজনাৰ এপাত খৰম আৰু আনপাত কলিয়াবৰৰ চামগুৰি সত্ৰত আছে বুলি জানিবলৈ দিছে মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰই (Kharam worn by Sankardev in two places in Assam) । এই খৰম গৃহ লোৱা দিনটোতে ৰাইজক প্ৰদৰ্শন কৰা হয় গুৰুজনাৰ ব্যৱহৃত খৰমযোৰ । অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰৰ শিষ্য সকল তথা ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত । খৰম গৃহত নাম অনুষ্ঠিত হোৱাৰ লগতে সত্ৰৰ নামঘৰত পুৱাৰ ভাগত আই সকলৰ নাম অনুষ্ঠিত হয় ।

লগতে পঢ়ক : Manasa Puja in Bashishtha: বশিষ্ঠত দুশবছৰ গৰকা মনসা পূজা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.