জোনাইত টেট উৰ্ত্তীণ শিক্ষক সন্থাৰ দুঘন্টীয়া ধৰ্ণা

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 3:19 PM IST

thumbnail

জোনাই, ২২ নৱেম্বৰ: জোনাইত সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত বুধবাৰে টেট উৰ্ত্তীণ শিক্ষক সমাজে ৰূপায়ণ কৰে এক ধৰ্ণা কাৰ্যসূচী ৷ জোনাইৰ মুৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুপৰীয়া ১২ বজাৰ পৰা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে জোনাইৰ ঠিকাভিত্তিক টেট উৰ্ত্তীণ শিক্ষক সমাজে ৷ অসম চৰকাৰে ঠিকাভিত্তিক টেট শিক্ষক সকলে নতুনকৈ নিযুক্তি প্ৰদান কৰি নিয়মীয়াকৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাত অসন্তুষ্টি প্ৰকাশ কৰিছে ঠিকাভিত্তিক টেট শিক্ষক সকলে ৷  

অসম চৰকাৰে কৰা চৰ্ত সাপেক্ষে ঠিকাভিত্তিক টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰক্ৰিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টেট শিক্ষক সমাজে ৷ টেট শিক্ষক সকলে বেতন সুৰক্ষ সহ নিয়মীয়াকৰণৰ দাৱীত বুধবাৰে জোনাইত টেট শিক্ষক সমাজে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷ এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত এখন দাবীসম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:Zubeen garg : লণ্ডনৰ পৰা ভিডিঅ’ শ্বেয়াৰ কৰি খুহুতীয়া ইংৰাজীৰে আমোদ দিলে জুবিন গাৰ্গে, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.