সোণাপুৰৰ ক্ষেত্ৰীত ট্ৰেভেলাৰ-স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ, দুজন নিহত

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 2:35 PM IST

thumbnail

গুৱাহাটী, ২ ডিচেম্বৰ : শনিবাৰে পুৱা সোণাপুৰৰ ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন ট্ৰেভেলাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা হয় ৷ ফলত থিতাতে নিহত হৈছে দুই স্কুটী আৰোহী ৷ দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS01 FC 8901 আৰু স্কুটীখনৰ নম্বৰ AS 01 AW 0769 ।

জানিব পৰা মতে, ক্ষেত্ৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উলুবামৰ চাৰ্ভিচ ৰোডত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ঘটনা অনুসৰি, গুৱাহাটীৰ পৰা নগাঁও দিশলৈ গৈ আছিল ট্ৰেভেলাৰখন ৷ তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীৰ সৈতে চাৰ্ভিছ ৰোডতে মুখামুখি সংঘৰ্ষ হয় ৷ নিহত দুই যুৱকৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ নিহত যুৱক দুই যুৱকৰ মৃতদেহ সম্প্ৰতি ক্ষেত্ৰীস্থিত 30 খন বিচনাযুক্ত চিকিৎসালয়ত ৰখা হৈছে ৷ ইফালে দুৰ্ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ভিতৰি ভিতৰি হটলাইন থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.