Tragic Road Accident: ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি টীয়কত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:38 AM IST

thumbnail

টীয়ক, 5 অক্টোবৰ : টীয়কৰ মুদৈজানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাকে মহতিয়াই নিলে এগৰাকী ছাত্ৰীক ৷ ফলত থিতাতে নিহত হৈছে ফাৰ্হিজা বেগম নামৰ এগৰাকী ছাত্ৰী ৷ টীয়কৰ মুদৈজান চাইনবৰ্ড তিনিআলিৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷

ঘটনা অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তে শিৱসাগৰ অভিমুখী তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে ছাত্ৰীগৰাকীক ৷ টীয়ক ৰজাবাৰী হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত আছিল নিহত ফাৰ্হিজা বেগম ৷ এই ঘটনাৰ পাচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত ৷ আনহাতে স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে AS-01-DD-1887 নম্বৰৰ ট্ৰাকসহ চালকক ৷

স্থানীয় ৰাইজে বহু সময় ধৰি ঘাইপথতে আৱদ্ধ কৰি ৰাখে বাহনখন । পৰৱৰ্তী সময়ত ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে ৷ ইফালে উত্তেজিত ৰাইজে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু আৰক্ষীকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷ 

লগতে পঢ়ক:MLA Bhaskar Baruah in controversy: বিধায়ক ভাস্কৰ বৰুৱালৈ APCC ৰ কাৰণ দৰ্শোৱাৰ জাননী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.