ETV Bharat / state

MLA Bhaskar Baruah in controversy: বিধায়ক ভাস্কৰ বৰুৱালৈ APCC ৰ কাৰণ দৰ্শোৱাৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 3:55 PM IST

বাৰে বাৰে বিতৰ্কত সোমাই পৰে তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা । এইবাৰ বিজেপিৰ চৰকাৰৰ আহ্বানত তিতাবৰত অনুষ্ঠিত কৰা অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি বিপদত পৰিছে বিধায়ক বৰুৱা । অসম প্ৰদেশ কংগ্ৰেছে বিধায়কগৰাকীলৈ প্ৰেৰণ কৰে কাৰণ দৰ্শোৱাৰ জাননী ।

APCC show cause notice to MLA Bhaskar Baruah
বিধায়ক ভাস্কৰ বৰুৱালৈ APCC ৰ কাৰণ দৰ্শোৱাৰ জাননী

বিধায়ক ভাস্কৰ বৰুৱালৈ APCC ৰ কাৰণ দৰ্শোৱাৰ জাননী

যোৰহাট,৪ অক্টোবৰ: ৰাজ্যজুৰি অব্যাহত আছে অমৃত কলহ যাত্ৰা । সৰ্বসাধাৰণ ৰাইজৰ লগতে মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতা সকলো নামি পৰিছে এই অমৃত কলহ যাত্ৰাত । পিছে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি বিপদত পৰিল তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা । বাৰে বাৰে বিতৰ্কত সোমাই পৰা বিধায়ক ভাস্কৰ বৰুৱালৈ আহিল কাৰণ দৰ্শোৱাৰ জাননী ।

কংগ্ৰেছ দলত থাকিও বিজেপিৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি পুনৰ এবাৰ বিতৰ্কত আৱৰ্তত সোমাই পৰিছে কংগ্ৰেছী বিধায়কগৰাকী । ফলত অসম প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ বাধ্য হল বিধায়কজনলৈ । অমৃত কলহ কাৰ্যসূচীত অংশ লৈ বিতৰ্কত সোমাই পৰাৰ লগতে তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ এনে ধৰণৰ দলবিৰোধী কাৰ্যকলাপৰ কথা ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে শীৰ্ষ নেতৃত্বক জনাইছে বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, তিতাবৰ নামচুঙী গাঁও পঞ্চায়তত মঙলবাৰে অনুষ্ঠিত অমৃত কলহ কাৰ্যসূচীত অংশ লোৱাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে । পূৰ্বতেও তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাৰ বহু বিতৰ্কিত কৰ্মকাণ্ডই বিপাঙত পেলাইছিল কংগ্ৰেছ দলটোক । তাৎপৰ্যপূৰ্ণ যে বিজেপিয়ে আৰম্ভ কৰা অমৃত কলহ কাৰ্যসূচীক সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছে সমালোচনা কৰি বিজেপিক শলঠেকত পেলোৱাৰ চেষ্টা কৰিছে ।

কিন্তু সেই সময়তে কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলটোকে শ'লঠেকত পেলাইছে । কংগ্ৰেছ বিধায়কৰ এনে কৰ্মকাণ্ডই দলৰ ভিতৰে বাহিৰে আলোড়নৰ সৃষ্টি কৰাৰ লগতে নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলক অসন্তুষ্ট কৰি তুলিছে । কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ বিধায়কগৰাকীয়ে কিদৰে দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Amrit Kalash Yatra: চিলাপথাৰত অমৃত কলহ যাত্ৰাত অংশ ললে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.