ETV Bharat / state

Amrit Kalash Yatra: চিলাপথাৰত অমৃত কলহ যাত্ৰাত অংশ ললে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৱে

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:47 AM IST

Amrit Kalash Yatra
চিলাপথাৰত অমৃত কলহ যাত্ৰাত অংশ ললে সাংসদ প্ৰদান বৰুৱা

সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে চিলাপথাৰত অনুষ্ঠিত হয় 'মোৰ মাটি মোৰ দেশ' শীৰ্ষক অমৃত কলহ যাত্ৰা কাৰ্যসূচী ৷ চিলাপথাৰ পৌৰসভাৰ উদ্যোগত কালীবাড়ী পথ তিনিআলিতো অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৱে ৷

চিলাপথাৰত অমৃত কলহ যাত্ৰাত অংশ ললে সাংসদ প্ৰদান বৰুৱা

জোনাই, 3 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ বিভিন্ন পঞ্চায়ততো ৰূপায়ন কৰা হৈছে অমৃত কলহ যাত্ৰা । মঙলবাৰে চিলাপথাৰ পৌৰসভাৰ উদ্যোগত কালীবাড়ী পথ তিনিআলিতো অমৃত কলহ যাত্ৰাৰ বিশাল আয়োজন কৰা হয় ৷

বিভিন্ন ধৰ্মীয় নীতি-নিয়ম, জনগোষ্ঠীয় সাজপাৰ পৰিধানেৰে সহস্ৰাধিক লোকে পদযাত্ৰাৰে গীত নৃত্যৰ মাজেৰে ভূমি সংগ্ৰহ কৰা অমৃত কলহসমূহ পৌৰসভাৰ কাৰ্যালয় লৈ অনা হয় আৰু বীৰ বন্দনা কৰি পৌৰসভাক অৰ্পণ কৰা হয় ।

মঙলবাৰে চিলাপথাৰ পৌৰসভাৰ 12 টা ৱাৰ্ডৰ পৰা ৰাইজে সংগ্ৰহ কৰা ভূমিৰ ‘অমৃত কলহ’ পৌৰসভাক আনুষ্ঠানিকভাৱে অৰ্পন কৰে ৷ এই অনুষ্ঠানত সহস্ৰাধিক লোকৰ লগতে উপস্থিত আছিল সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু ৷ উক্ত অমৃত কলহ যাত্ৰাৰ জৰিয়তে 12 টা অমৃত কলহ পৌৰসভাক আনুষ্ঠানিকভাৱে চমজাই দিয়া হয় ।

আনহাতে বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 টা ৱাৰ্ডৰ ৰাইজেও অমৃত কলহ যাত্ৰাৰে সংগ্ৰহ কৰা ভূমিৰ কলহ মংগলবাৰে আনুষ্ঠানিকভাৱে অৰ্পন কৰে পঞ্চায়ত কৰ্তৃপক্ষক ।

এই কাৰ্যসূচীত দেখা গ'ল ৰাইজৰ ব্যাপক সঁহাৰি । সহস্ৰাধিক লোকে পদযাত্ৰাৰে গীত-নৃত্যৰ মাজেৰে ভূমি সংগ্ৰহ কৰা অমৃত কলহসমূহ পঞ্চায়ত কাৰ্যালয় লৈ যোৱা হয় আৰু বীৰ বন্দনা কৰি পঞ্চায়ত কতৃপক্ষক অৰ্পন কৰে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱাল, বাহিৰ জোনাই গাঁওপঞ্চায়তৰ সভানেত্ৰী জিনিতা কছাৰী কুম্বাং, বাহিৰ জোনাই আঞ্চলিক পঞ্চায়তৰ সদস্য ত্ৰলোক্য সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে অমৃত কলহসমূহ অহা 27 অক্টোবৰত 270 টা মাটিভর্তি পিতলৰ কলহ নতুন দিল্লীলৈ নিয়া হ'ব । নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মান অমৃত উদ্যানস্থলীত এই মাটি ব্যৱহাৰ কৰা হ'ব।

লগতে পঢ়ক:Shocking electricity bill: এখন ফেন চলোৱাৰ বাবদ বিদ্যুতৰ বিল আহিল ১৭৮৭৪ টকা; হতভম্ব গ্ৰাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.