Tense situation in Darrang : হেৰুৱা গৰু বিচাৰি মঙলদৈ থানাত স্থানীয় ৰাইজৰ হুলস্থূল

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:46 AM IST

thumbnail

দৰং, 6 নৱেম্বৰ : ‘‘আমাক গৰু লাগিবই ৷ আমাৰ গৰু আমাক ঘূৰাই দিয়ক ৷ আমি সাধাৰণ মানুহ ৷’’ দেওবাৰে নিশা হঠাৎ মঙলদৈ সদৰ থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । পোহনীয়া গৰু বিচাৰি মঙলদৈ থানাত উপস্থিত হয় শ শ লোক । জানিব পৰা মতে, দেওবাৰে মঙলদৈত গৰু চোৰক হাতে লোটে ধৰিলে স্থানীয় ৰাইজে । তাৰ পাচত মঙলদৈৰ 2 নং ৱাৰ্ডৰ বাবু আলী নামৰ চোৰটোক ৰাইজে ধৰি চুৰি গৰুসহ আৰক্ষীক গতাই দিয়ে ।

ইফালে ৰাইজে এই গৰু চুৰিকাণ্ড সন্দৰ্ভত থানাত দাখিল কৰে এক এজাহাৰ ৷ কিন্তু এই এজাহাৰখন সদৰ থানাত পেলাই থৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে, বিগত বহু দিনৰ পৰা মঙলদৈ চহৰৰ ওচৰে পাজৰে থকা বহু পোহনীয়া গৰু চুৰি হৈ আহিছিল । এই গৰু চুৰি সন্দৰ্ভত আৰক্ষীয়ে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

এই গৰু চুৰিকাণ্ডৰ লগত মঙলদৈৰ জনৈক ভাইটী নামৰ লোকজনৰ নাম সাঙোৰ খাই পৰিছে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত কৰিলেহে প্ৰকৃত তথ্য ওলাই পৰিব ৷

লগতে পঢ়ক : Swahid Mozammil Haque award 2023; যেতিয়ালৈকে ভাষাটো থাকিব তেতিয়ালৈকেহে জাতিটো জীয়াই থাকিব : ড৹ নগেন শইকীয়া 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.