Tense in Dibrugarh: গো-মাংস ভক্ষণক লৈ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 6:26 PM IST

thumbnail

ডিব্ৰুগড়, 6 ছেপ্টেম্বৰ: গৰুৰ চোৰাং সৰবৰাহ আৰু গো-মাংস ভক্ষণ বা বিক্ৰীক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে কঠোৰ স্থিতি ৷ ইয়াৰ পিছতো ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত আছে গৰু ক্ৰয়-বিক্ৰয়ৰ লগতে গো-মাংসৰ ৰমৰমীয়া বেহা ৷

শুকুৰবাৰে গো-মাংসক লৈ ডিব্ৰুগড় লাহোৱালৰ বকুল মাজগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বকুল মাজগাঁৱৰ নিৰ্মীয়মান ক্ৰীড়া প্ৰকল্পত এই ঘটনা সংঘটিত হৈছে ৷ প্ৰকল্পটোত ধুবুৰী জিলাৰ পৰা অহা একাংশ নিয়োজিত শ্ৰমিকে ঠিকাদাৰৰ অনুমতিত গো-মাংস ভক্ষণ কৰাক লৈ এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় ৷ এখন বাহনত গো-মাংস অনাৰ সময়তে স্থানীয় ৰাইজে হাতে-লোটে ধৰি কেইবাজনো শ্ৰমিকক উত্তম-মধ্যম শোধায় ৷

ইফালে, এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ঠিকাদাৰৰ অনুমতি লাভ কৰি এনে কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰে শ্ৰমিককেইজনে ৷ এনে নিকৃষ্ট কাণ্ডক লাহোৱাল ক্ৰীড়া সন্থাই গৰিহণা দিয়াৰ লগতে অভিযুক্ত শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়াৰ দাবী জনাইছে ৷ লাহোৱাল ছাত্ৰ সন্থাইয়ো এই কাৰ্যক তীব্ৰ গৰিহণা দি প্ৰকল্পটোৰ মুখ্য ঠিকাদাৰ চন্দন গগৈক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে ৷ ইতিমধ্যেই ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Love jihad at Lahowal : 16 বছৰীয়া হিন্দু কিশোৰীক মুছলমান যুৱকে অপহৰণ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.