Love jihad at Lahowal : 16 বছৰীয়া হিন্দু কিশোৰীক মুছলমান যুৱকে অপহৰণ কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:03 AM IST

thumbnail

মৰাণ, 6 অক্টোবৰ : ডিব্ৰুগড়ৰ লাহোৱালৰ হিন্দু গাঁৱত লাভ জেহাদৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী 16 বছৰীয়া কিশোৰীক মাৰ্ঘেৰিটাৰ ৰজক আলী নামৰ এজন যুৱকে প্ৰলোভনৰে অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

যোৱা 4 ছেপ্টেম্বৰত লগৰ কিশোৰীগৰাকী লগৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ যোৱাৰ পিচৰে পৰাই নিৰুদ্দেশ হৈ আছিল ৷ এই ঘটনাৰ এমাহৰ পিচতো পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল ৷ পৰিয়ালৰ লোকে বহু খা-খবৰ কৰাত গম পায় যে এইটো সম্পূৰ্ণভাৱে এটা পৰিকল্পিত লাভ জেহাদৰ ঘটনা ৷ 

এই ঘটনাৰ ক্ষেত্ৰত এক সময়োচিত প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ হিন্দু ক্ৰান্তি দলৰ সদস্যই ডিব্ৰুগড় আৰক্ষীক আহ্বান জনাইছে । অনাগত 24 ঘন্টাৰ ভিতৰত কিশোৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে হিন্দু ক্ৰান্তি দলৰ সদস্যই । 

ইতিমধ্যে পৰিয়ালৰ লোকে লাহোৱাল আৰক্ষী থানা আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । জানিব পৰা অনুসৰি, মাৰ্ঘেৰিটা আৰক্ষীয়ে এজাহাৰ লাভ কৰি ৰজক আলীক বিচাৰি অভিযান চলাইছিল যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: Husband suspicious over wife: পত্নীক পৰ পুৰুষৰ লগত সন্দেহ, স্বামীৰ লক্ষ্মণ ৰেখা পাৰ হওঁতেই পত্নীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.