Bhangnamari LP School: পৰিচালনা সমিতিৰ সভাপতি নিৰ্বাচনক লৈ নলবাৰীত কুৰুক্ষেত্ৰ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 9:34 PM IST

thumbnail

নলবাৰী, ২৪ অক্টোবৰ : নলবাৰীৰ 4 নং ভেলামাৰীস্থিত উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত উত্তেজনা । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰ্বাচিত কৰাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় উত্তেজনাৰ । প্ৰাক্তন সভাপতি মজিদৰ বিৰুদ্ধে বিদ্যালয়খনত বিভিন্ন দুৰ্নীতি, অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰে একাংশ লোকে । মঙলবাৰে বিয়লি নতুন সভাপতি নিৰ্বাচিত কৰাৰ বাবে আহ্বান কৰিছিল এখন বিশেষ সভা । CRCC, বিদ্যালয়ৰ প্ৰধান শিক্ষক, অভিভাৱকৰ উপস্থিতিত সভা চলি থকাৰ মাজতে দুই ফৈদৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱাত সভা স্থগিত ৰাখিবলগীয়া হয় । একাংশ লোকে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ নতুন সভাপতি নিৰ্বাচিত কৰিব বিচৰা বাবে দুই ফৈদৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.