Cricket Tournament in Majuli: পূব মাজুলীত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ পদক অজুৰিলে শিৱসাগৰৰ পাটকাই ক্ৰিকেট ক্লাৱে

By

Published : Mar 28, 2023, 1:50 PM IST

thumbnail

মাজুলী, ২৮ মাৰ্চ: পূব মাজুলীৰ বনগাঁও টাউন ক্লাৱৰ সৌজন্যত আৰু ৰাইজৰ সহযোগত অসম ভিত্তিত তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সোমবাৰে সামৰণি পৰে (Tennis Ball Competition at Majuli)। এই প্ৰতিযোগিতাখনিত মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ 36 টা দলে অংশগ্ৰহণ কৰে । পূব মাজুলীৰ বনগাঁও খেল পথাৰত অনুষ্ঠিত এই টেনিছ বল প্ৰতিযোগিতাখনিত পাটকাই ক্ৰিকেট ক্লাব শিৱসাগৰ দলে খিতাপ দখল কৰিবলৈ সক্ষম হয় (Cricket Competition in Majuli)।

এই প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন পাটকাই ক্ৰিকেট ক্লাব শিৱসাগৰ আৰু আৰ আৰ ১১ মাজুলীৰ মাজত অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ ৭০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৪০,০০০টকা, মেন অৱ দ্য় ছিৰিজ ১০,০০০ টকা, মেন অৱ দ্য় মেচ ৫,০০০টকা, শ্ৰেষ্ঠ বেটছমেন ২৫০০ টকা, শ্ৰেষ্ঠ বলাক ২৫০০ টকা প্ৰদান কৰা হয় । এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ পূৰ্বে এটি সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে আয়োজকসকলে ।

Gamosa Controversy: গামোচা মই পিন্ধা নাই, মোক গামোচা পিন্ধাইছে : সূৰ্যকান্ত হাজৰিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.