Tejaswita death controversy: মুখ্যমন্ত্ৰীৰ কথাই দুখ দিলে তেজস্বিতাৰ পিতৃক

By

Published : Nov 9, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

তেজস্বীতা বৰুৱাৰ মৃত্যু (Majuli Tejaswita Baruah death) মাক-দেউতাকে দৰৱ খুওৱা বন্ধ কৰাৰ বাবে হোৱা বুলি সংবাদ মাধ্যমৰ আগত কৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Tejaswita Barua death) । তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনতো প্ৰকাশ পাইছে একেই তথ্য (Death probe of Tejaswita Baruah) ৷ ইয়াৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ পিতৃয়ে । কণমানি গৰাকীৰ পিতৃয়ে কয়, ‘‘নিজৰ সন্তানৰ অসুখ হ’লে কোন মাক-বাপেকে দৰৱ নুখুওৱাকে ৰাখিব । মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ জানিলে আমি নিজৰ ছোৱালীক দৰৱ নাইখুওৱা বুলি ? এনেকৈ কোৱাৰ আগত যদি মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকৰ ঘৰলৈ অহা হ’লে সম্পূৰ্ণ প্ৰমাণ দিলোঁহেতেন’’ (Tejaswita father reacts on CM comment)। তেওঁ আৰু কয়, ‘‘মুখ্যমন্ত্ৰগৰাকী মঙলবাৰে মাজুলীত আছে ৷ মোৰ ঘৰৰ আগেদিয়েই অহা যোৱা কৰিছে ৷ কিন্তু এবাৰ যদি মোৰ ঘৰত সোমাই গ’লহেতেন, ভাল পালোঁহেতেন’’ । দৰৱ নাই খুওৱা বুলি মন্তব্য কৰা কথাটোৱে আমাক দুখ দিলে বুলি মন্তব্য তেজস্বিতা বৰুৱাৰ পিতৃৰ ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.