Negligence of school teacher: নলবাৰীৰ বিৰেণ ছাৰৰ ভাইৰেল ভিডিঅ'

By

Published : Jan 31, 2023, 2:10 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰী,৩১ জানুৱাৰী: কিমান নো কাম কৰিম অকনমান জিৰাই লও ! এনেকৈয়ে ভাৱি কেতিয়াবা টোপনিত লালকাল হৈ পৰে(Negligence of school teacher) । আন কেতিয়াবা আকৌ জিৰাই লোৱাৰ নামত মোবাইলটো চাওতেই পাৰ হৈ যায় বহু সময় । পিছে বহি বহি মোবাইল চোৱাতকৈ বাগৰি লৈ মোবাইল চোৱাৰ এই আমেজ একেবাৰে সুকীয়া । এনেবোৰ ভাবেই বেৰি ধৰিলে নলবাৰীৰ এগৰাকী শিক্ষকক । ফলত ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই আমনি লগাত ছাৰে অকনমান জিৰনি লও বুলি ভাবি মোবাইলটো লৈ বাগৰি বিদ্য়ালয়ৰ বেঞ্চখনত ।

ইমানলৈকে বাৰু ঠিকেই আছিল, পিছে ছাৰে বেছি আৰাম বিচাৰি গাৰু নাপাই কিতাপকে গাৰু বনাই নিচিন্তমনে শুই পৰিল(Teacher sleep in school on book in Nalbari) । পিছে বৰ্তমান হাতে হাতে মোবাইল ফোনৰ যুগ । কঁপাল বেয়া আছিল ছাৰৰ । কোনোবা চকু চৰহাই সহ্য কৰিব নোৱাৰিলে ছাৰৰ সুখ । গোপনে কেমেৰাত আৱদ্ধ কৰি সামাজিক মাধ্যমত মুকলি কৰি দিলে ছাৰৰ সুখময় সময়কন । 

এই আজৱ কাণ্ড সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত কালদিত । কালদি গোপালথান হাইস্কুলৰ সহকাৰী শিক্ষক বিৰেণ দাসে বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে বিদ্যালয়ৰ ভিতৰত বেঞ্চ এখনত কিতাপৰ ওপৰত শুই শুই মোবাইল ফোন চলাই থকা এটা ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত । তাৰ পিছতে এতিয়া সহকাৰী শিক্ষক বিৰেণ দাসে বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট কৰা বুলি চৰ্চা চলিছে সমগ্ৰ অঞ্চলটোত । 

বিদ্যালয়ৰ পাঠদান চলি থকা সময়ত বিদ্যালয়ৰ ভিতৰত শিক্ষক এগৰাকীয়ে এনে ধৰণে শুই থকাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি কয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক বসন্ত কুমাৰ তালুকদাৰে । ইতিমধ্যেই বিষটোৰ সন্দৰ্ভত বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে নলবাৰী জিলা বিদ্যালয় পৰিদৰ্শকৰ ওচৰত এক অভিযোগ দাখিল কৰা বুলিও জানিব পৰা গৈছে । শিক্ষকৰ গৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন মহলে । পিছে বিৰেণ দাসৰ এই ভুলৰ শাস্তি কি হ'ব ? সেয়া সময়েহে ক'ব । 

লগতে পঢ়ক: CM Secretariat Office in Dibrugarh: ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যালয় নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.