Severe teacher shortage : এজন শিক্ষকেৰে চলিছে চামগুৰিৰ উদমাৰী প্ৰাথমিক বিদ্যালয়

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:30 PM IST

thumbnail

চামগুৰি, 11 অক্টোবৰ :  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাইছে চামগুৰিৰ এখন বিদ্যালয়ে ৷ মাত্ৰ এগৰাকী শিক্ষকৰ দ্বাৰাহে চলি আছে বিদ্যালয়খনৰ পাঠদান ৷ ৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন মাত্ৰ শিক্ষকে কৰিবলগীয়া হৈছে পাঠদান ৷

উল্লেখ্য যে পাঁচ মাহ পূৰ্বে এই বিদ্যালয়খনৰ এগৰাকী মহিলা শিক্ষয়ত্রীক ৰাইজৰ অভিযোগ অনুসৰি বদলি কৰা হৈছিল ৷ তেতিয়াৰ পৰা আজিলৈকে এজন শিক্ষকেৰে চলি আছে বিদ্যালয়খন ৷ জানিব পৰা মতে চলিত মাহৰ ৩ তাৰিখে পুৰণিগুদামৰ চলচলি ৰামতিলাআটি বিদ্যালয়ৰ পৰা বদলি কৰি উদমাৰী প্ৰাথমিক বিদ্যালয়ত নিয়োগ কৰা হৈছিল নীপেন নাথ নামৰ এজন শিক্ষকক ৷ কিন্তু ৰহস্যজনকভাৱে আজি পৰ্যন্ত বিদ্যালয়ত উপস্থিত নহ’ল শিক্ষকগৰাকী ৷

ইয়াকে লৈ এতিয়া বিমোৰত পৰিছে বৰ্তমান কৰ্মৰত শিক্ষকজনৰ লগতে বিদ্যালয় পৰিচালনা সমিতি ৷ যাৰ বাবে অস্থায়ীভাৱে অঞ্চলটোৰ এগৰাকী মহিলাক শিক্ষাদানৰ বাবে নিয়োজিত কৰিছে পৰিচালনা সমিতিয়ে ৷ 

লগতে পঢ়ক : Birth Anniversary of Sahityarathi:14 অক্টোবৰত অসমৰ বিদ্যালয়সমূহত জাতীয় সংগীত পৰিৱেশন বাধ্যতামূলক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.