ETV Bharat / state

Birth Anniversary of Sahityarathi:14 অক্টোবৰত অসমৰ বিদ্যালয়সমূহত জাতীয় সংগীত পৰিৱেশন বাধ্যতামূলক

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:56 PM IST

Birth Anniversary of Sahityarathi
14 অক্টোবৰত অসমৰ বিদ্যালয়সমূহত জাতীয় সংগীত পৰিৱেশন বাধ্যতামূলক

বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয়সমূহলৈ প্ৰদান কৰিছে এক নিৰ্দেশনা ৷ অহা 14 অক্টোবৰত প্ৰতিগৰাকী শিক্ষাৰ্থী বিদ্যালয়ত উপস্থিত থাকিব লাগিব ৷ পৰিৱেশন কৰিব লাগিব অসমৰ জাতীয় সংগীত ৷

গুৱাহাটী, 11 অক্টোবৰ : অমৃত কলহ যাত্ৰাত ছাত্ৰ-ছাত্ৰীক জড়িত কৰোৱাৰ সন্দৰ্ভত চলা বিতৰ্কৰ মাজতে বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰিছে এক জাননী ৷ অহা 14 অক্টোবৰত অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 159 সংখ্যক জন্ম জয়ন্তী ৷ সেয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তীৰ দিন উপলক্ষে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰিছে এই জাননী ৷ জাননীৰ জৰিয়তে অসমৰ শিক্ষানুষ্ঠানসমূহৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে বিভাগটোৱে ৷

বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা জাননী অনুসৰি অহা 14 অক্টোবৰত অসমৰ সকলো চৰকাৰী বিদ্যালয়ত পৰিৱেশন কৰিব লাগিব অসমৰ জাতীয় সংগীত ‘‘অ’ মোৰ আপোনাৰ দেশ’’ ৷ নিৰ্দেশনা অনুসৰি পুৱাৰ প্ৰাৰ্থনা সভা নাইবা সমাৱেশত সকলোৱে পৰিৱেশন কৰিব লাগিব জাতীয় সংগীত ৷ উক্ত সভাত অংশগ্ৰহণ কৰিব লাগিব বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ৷

1864 চনৰ 14 অক্টোবৰত অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ৷ গল্প, উপন্যাস, প্ৰৱন্ধ, শিশুসাহিত্য, কবিতা, নাটক আদিৰে অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অমূল্য ৷ প্ৰথম অসমীয়া চুটি গল্পৰ লেখক, বাঁহী আলোচনীৰ সম্পাদক, জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন আৰু ‘ৰসৰাজ’ বা ‘সাহিত্যৰথী’ নামেৰে পৰিচিত এই গৰাকী সাহিত্য কাণ্ডাৰীৰ জন্মদিনটোত ৰাজ্যৰ শিক্ষা বিভাগে বিশেষ কাৰ্যসূচী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উক্ত দিনটোত বিদ্যালয়ত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো বাধ্যতামূল হিচাপে নিৰ্দেশনা প্ৰদান কৰিছে শিক্ষা বিভাগে ৷ অৱশ্যে অসমৰ সকলো জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে পুৱাৰ সমাৱেশত বছৰ বছৰ জুৰি পৰিৱেশন কৰি আহিছে অসমৰ জাতীয় সংগীত ‘‘অ’ মোৰ আপোনাৰ দেশ ৷’’

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনত থকা শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা ৷ তাৎপৰ্যপূৰ্ণ যে অমৃত কলহ, খেল মহাৰণ আৰু সংস্কৃতিক মহাসংগ্ৰাম মাজতে 14 অক্টোৰবৰত ৰাজ্যৰ বিদ্যালয়সূহত পৰিৱেশন কৰিব জাতীয় সংগীত ‘‘ অ’ মোৰ আপোনাৰ দেশ ৷’’

লগতে পঢ়ক: APCC joining program: প্ৰবীণ বড়ো-প্ৰণয় ৰাভাসহ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.