তামুলপুৰত কোচ ৰাজবংশীসকলৰ সমস্যাসমূহক লৈ গুৰুত্বপূৰ্ণ আলোচনা

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 6:08 PM IST

thumbnail

বাক্সা, ২৪ ডিচেম্বৰ : নৱগঠিত তামুলপুৰ জিলা সদৰস্থিত তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় । পুৱা জিলা কোচ ৰাজবংশী সন্মিলনীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পিচতেই বিয়লি এখন মুকলি আৰু সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় । উক্ত সভাখনত কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাগৰাকীও বিশিষ্ট নেতা তথা ব্যক্তি উপস্থিত থাকি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি তথা ইতিহাস সম্পৰ্কে বিষদভাৱে আলোচনা কৰাৰ লগতে জনগোষ্ঠীটোৰ মূল সমস্যা তথা উক্ত সমস্যাসমূহ সমাধান কৰাৰ বাবে আলোচনা কৰে ।

তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ পুৰণি কমিটীয়ে পদত্যাগ কৰি নতুন কমিটীও গঠন কৰা হয় । ইফালে চৰকাৰৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ কৰি মূলসূঁতিলৈ উভতি অহা কেএলঅ' বিদ্ৰোহী সংগঠনৰ সদস্যসকলৰ সমস্যা সমাধানৰো দাবী তোলে সন্মিলনীৰ এগৰাকী নেতাই । নেতাগৰাকীৰ মতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বাবে সংগঠনটোৰ নেতাসকল মূলসূঁতি উভতি আহিছিল যদিও আজিলৈ সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই । শীঘ্ৰে চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে দেশত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিয়ে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :জাঁজীত সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.