জাঁজীত সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 4:04 PM IST

thumbnail

আমগুৰি, ২৪ ডিচেম্বৰ: শিৱসাগৰ জিলাৰ জাঁজী ফুলপানীছিগাত সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ 24 ডিচেম্বৰৰ বিয়লি অৰুণোদয় সাংস্কৃতিক গোষ্ঠী, ফুলপানীছিগাৰ উদ্যোগত অনুষ্ঠিত কৰা এই ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 

আজিৰে পৰা আঠদিনীয়াকৈ অনুষ্ঠিত কৰা এই ভাওনা প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলি, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, মাজুলী, শিৱসাগৰকে ধৰি বহুকেইখন জিলাই অংশগ্ৰহণ কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে । আয়োজকে জানিবলৈ দিয়া অনুসৰি, মুঠ চৈধ্যখন শিশু ভাওনাই অংশগ্ৰহণ কৰিব এই ভাওনা প্ৰতিযোগিতাত।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু নৱ-প্ৰজন্মৰ মাজত আধ্যাত্মিক ভাৱ প্ৰতিফলিত সুস্থ সমাজ গঢ়ি তোলাৰ মানসেৰে অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা । এই দিনকেইটাত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে ৷ 

লগতে পঢ়ক: ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা ক্ৰীড়াবিদসকলৰ মাতৃসকললৈ "জীজা মাতা বঁটা" প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.