Birth Anniversary of Lachit Borphukan: লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে নলবাৰীত স্বচ্ছ ভাৰত অভিযান

By

Published : Nov 20, 2022, 4:27 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বীৰ লাচিত বৰফুকনৰ (Lachit Borphukan)৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি নলবাৰী জিলা প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হয় । নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী‌ বিষয়া তৰণী দাসৰ নেতৃত্বত আৰক্ষী বিষয়া, গাঁও প্ৰধান, সমাজকৰ্মীসকলক লগত লৈ আদাবীৰ পহৰা চকীৰ অন্তৰ্গত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাস্তা ঘাটসমূহত স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্য চাফাই অভিযান চলোৱা হয় । আদাবীৰ পহৰা চকীৰ পৰা আৰম্ভ হোৱা এই স্বচ্ছ অভিযান লোহাৰকাঠা চকত সমাপ্ত হয় (Swachh Bharat Abhiyan) ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.