Miscreants detained: বন্দুক সহ সন্দেহযুক্ত নগা দুৰ্বৃত্ত আটক

By

Published : Jul 26, 2023, 2:15 PM IST

thumbnail

ডিব্ৰুগড়, 26 জুলাই : ঐতিহাসিক চৰাইদেউ জিলাৰ অভয়াপুৰ বনাঞ্চলত অতিৰিক্ত আৰক্ষী অধীক্ষক দেৰ্ৱষি চৌধুৰী আৰু জিলা বন বিভাগে অভিযান চলাই দুজনকৈ সন্দেহযুক্ত নগা দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয় ৷ মংগলবাৰৰ নিশা আৰক্ষীৰ বন বিভাগে অভয়াপুৰ বনাঞ্চলত চলাই এই অভিযান । এই অভিযানত দুজনকৈ সন্দেহযুক্ত নগা দুৰ্বৃত্ত আৰু হস্ত নিৰ্মিত দুটাকৈ খজা বন্দুক অভিযানকাৰী দলে জব্দ কৰিবলৈ সক্ষম হয় ৷ 

ইয়াৰোপৰি আপত্তিজনক নথি-পত্ৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, জিলাখনৰ নাগালেণ্ড সীমান্তত থকা অভয়পুৰ বনাঞ্চলত কোনো দুৰ্বৃত্তই বন ধ্বংস কৰা অভিযোগ পোৱাৰ পাছতেই অতিৰিক্ত আৰক্ষী অধীক্ষক দেৰ্ৱষি চৌধুৰী আৰু জিলা বন বিভাগে অভিযান চলাইছিল । 

উল্লেখ কৰাতো প্ৰয়োজন যে, অসম নাগালেণ্ড সীমান্তত চৰাইদেউ জিলাৰ অভয়পুৰ বনাঞ্চলত অবাধে বন ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও বনাঞ্চলখন সংৰক্ষণৰ বাবে বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক : Golaghat tripple murder: বিশেষ আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.