Suicide in Barpeta: কলগাছিয়াত তিনি সন্তানৰ পিতৃৰ চিপলৈ আত্মহত্যা

By

Published : Jun 10, 2023, 3:34 PM IST

thumbnail

জনীয়া, ১০ জুন: কলগাছিয়াৰ আমগুৰি গাঁৱত তিনি সন্তানৰ পিতৃৰ চিপলৈ আত্মহত্যা (suicide in Kalgasia)। ফুলবৰ আলী নামৰ যুৱকজনক সুৰাৰ নিচাত আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ ২নং খণ্ডৰ বাসিন্দা ফুলবৰ আলী ওৰফে ছিআৰপি নামৰ যুৱকজনে যোৱা নিশাত নিজ গৃহতেই চিপলৈ আত্মহত্যা কৰে ।

আব্দুল মজিদৰ পুত্ৰ তথা তিনি সন্তানৰ পিতৃ ফুলবৰে সদায় সুৰাৰ নিচাত মাতাল হৈ আছিল (Suicide case in Barpeta)। ইয়াকে লৈ মাজে সময়ে পত্নীৰ লগত কাজিয়াও হৈছিল । কিন্তু কিছুদিন ধৰি তেওঁৰ পত্নী তিনি সন্তানক লৈ মাকৰ ঘৰলৈ গুছি যায় । সেয়েহে ফুলবৰে ঘৰত অকলেই থাকে ।  

যোৱা নিশা খাদ্য় গ্ৰহণ কৰি ঘৰতেই শুই আছিল । পুৱা তেওঁৰ মামা আৰু আইতাকে দৰ্জা খোলাৰ লগে লগে ফুলবৰে ডিঙিত চিপলৈ ওলমি থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে । ফুলবৰ আলী সুৰাৰ নিচাত মতাল হৈ চিপ লৈ আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে । পিছমূহুৰ্তত কলগাছিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Jhanji Litchi Markent : জাঁজী গড়মূৰৰ লিচুৰ বজাৰে হাত বাউল দি মাতিছে গ্ৰাহকক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.