বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিকৰ শিবিৰত সফল সামৰণি পক্ষী গণনা

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 1:08 PM IST

thumbnail

বিশ্বনাথ, ১১ জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যানখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে । এইবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পক্ষী বিশেষজ্ঞৰ উপস্থিতিত তিনি শতাধিক গণনাকাৰীক পক্ষী গণনা প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছে ।

সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰ তথা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বন শিবিৰ সমূহতো বুধবাৰৰ পুৱাৰে পৰা আৰম্ভ হয় ২০২২-২৩ বৰ্ষৰ পক্ষী গণনা প্ৰক্ৰিয়া । এই গাণনিক প্ৰক্ৰিয়াত বিভিন্ন বেচৰকাৰী সংস্থা, ৱাইল্ড হাৰ্ট ফাউণ্ডেচনৰ লগতে বহুকেইজন পক্ষী বিশেষজ্ঞ‌ই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, ২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথমটো গণনাত ১১ হাজাৰ ৫০০ পক্ষী থকাৰ বিপৰীতে ২০২১-২২ বৰ্ষত হোৱা চতুৰ্থ গণনাত ১৯ হাজাৰ ২২৫ টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল ।

লগতে পঢ়ক: পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.