ETV Bharat / state

পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 4:29 PM IST

WETLAND BIRD CENSUS AT KAZIRANGA NATIONAL PARK
পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ

KAZIRANGA NATIONAL PARK 2022-23 বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে বুধবাৰৰ পৰা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত চলা এই পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যানখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ 118 টা জলাশয় সামৰি লোৱা হৈছে ৷

পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ

কলিয়াবৰ, 10 জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে 2022-23 বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া ৷ ৰাষ্ট্ৰীয় উদ্যানখনত বোম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ সহযোগত এই পঞ্চম জলচৰ পক্ষী গণনা সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত চলা এই পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যানখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ 118 টা জলাশয় সামৰি লোৱা হৈছে ৷

মহাৰাষ্ট্ৰ, মেঘালয়কে ধৰি বিভিন্ন প্ৰান্তৰ পক্ষী বিশেষজ্ঞৰ উপস্থিতিত তিনি শতাধিক গণনাকাৰী পক্ষী গণনা প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছে । উল্লেখযোগ্য যে 2021-22 বৰ্ষত কাজিৰঙাৰ 52 টা জলাশয়ত চলোৱা গণনা প্ৰক্ৰিয়াত 122 টা প্ৰজাতিৰ মুঠ 93,451 টা জলচৰ পক্ষী চিনাক্ত কৰা হৈছিল । ৰাষ্ট্ৰীয় উদ্যানখনত আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই 2022-23 বৰ্ষৰ পঞ্চম গণনা প্ৰক্ৰিয়াৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ লগতে পক্ষী বিশেষজ্ঞসকলক নিয়োজিত কৰা হৈছে । 2018-19 বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথমটো গণনাত 11 হাজাৰ 500 পক্ষী থকাৰ বিপৰীতে 2021-22 বৰ্ষত হোৱা চতুৰ্থ গণনাত 19 হাজাৰ 225 টা পক্ষী থকাৰ তথ্য পোৱা গৈছে ।

ভাৰতবৰ্ষৰ অন্যতম পক্ষী পর্যবেক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্রাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বহুলাংশে ঘাঁহনি আৰু জলাশয়ৰে গঠিত । উল্লেখযোগ্য যে, অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহ পৰ্যন্ত পৰিভ্ৰমী চৰাই আহে এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ । মধ্য এছিয়ান, পূব এছিয়ান আৰু অষ্ট্ৰেলিয়ান উৰণ পথৰে তিব্বত, মংগোলীয়া, ৰাছিয়া, চাইবেৰিয়া, লাডাখৰ লগতে নাতিশীতোষ্ণ অঞ্চলসমূহৰ পৰা পৰিভ্ৰমী চৰাইৰ জাক প্ৰতিবছৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহে ।

লগতে পঢ়ক: বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.