Protest at Maran College: প্ৰতিবাদত উত্তাল মৰাণ মহাবিদ্যালয়

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:19 PM IST

thumbnail

মৰাণ,৩ অক্টোবৰ: উজনি অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয় হ'ল মৰাণ মহাবিদ্যালয় । পিছে এতিয়া মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন বুলি ক'লেই সৃষ্টি হয় প্ৰতিবাদৰ লগতে হিংসাত্মক ঘটনা । বিগত কিছু বছৰৰ পৰা প্ৰতি বছৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা পাছতেই বিভিন্ন কাৰণত একাংশ ছাত্ৰ- ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহা পৰিলক্ষিত হৈছে ।  

পুৰ্বৰ বৰ্ষসমূহৰ দৰে এইবাৰো সেই একেই পৰিৱেশ । শনিবাৰে হৈ যোৱা মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা নিৰ্বাচনত বিসংগতিৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হ'ল মৰাণ মহাবিদ্যালয়ৰ চৌহদ । ই ভি এম চফ্টৱেৰৰ বিসংগতিৰ অভিযোগত প্ৰতিবাদ ছাত্ৰ ঐক্য সমাজৰ । নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পাছতেই প্ৰতিবাদ সাব্যস্ত কৰিছিল এইসকল ছাত্ৰ-ছাত্ৰীয়ে । নিৰ্বাচনী বিষয়াৰ পৰা কোনো ধৰণৰ সুদোত্তৰ নোপোৱাৰ বাবে মঙলবাৰে পুনৰ গণতান্ত্ৰিক প্ৰতিবাদ ছাত্ৰ ঐক্য সমাজৰ ।  

এই প্ৰতিবাদৰ জড়িয়তে পুনৰ নিৰ্বাচনৰ দাবী ছাত্ৰ ঐক্য সমাজৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাবিদ্যালয়ত মোতায়েন কৰা হৈছে আৰক্ষীৰ বৃহৎ দল । উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত হোৱা মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ সভা নিৰ্বাচনত সকলো নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰিছিল । ইয়াৰ পাছতেই আছু, ছাত্ৰ মুক্তিকে ধৰি অন্য দলৰ সমৰ্থনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে এইদৰে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Electricity Price hike: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.