Street Play: ধেমাজিত শিশুৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:48 PM IST

thumbnail

জোনাই,১৪ ছেপ্টেম্বৰ: জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ধেমাজিৰ উদ্যোগত ধেমাজি ৰাইছাপৰি টঙনাপৰা মিচিং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক অনন্য অনুষ্ঠান । জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ধেমাজিৰ ডি এল এড চতুৰ্থ ষান্মাষিকৰ শিক্ষাৰ্থী সকলে মঞ্চস্থ কৰে "শিশুৰ শিক্ষাৰ অধিকাৰ" শীৰ্ষক এক বাটৰ নাট । গ্ৰাম্যাঞ্চলত শিশু শ্ৰমিক সমস্যা আৰু শিশুসকলৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঞ্চস্থ কৰে এই কাৰ্য্যসূচী ।  

শিক্ষাৰ্থীসকলে সকলোৰে বোধগম্য হোৱাকৈ সহজ সৰল, সাৱলীল ভাষাত আৰু নিখুঁত অভিনয়ৰ জৰিয়তে পৰিৱেশন কৰা বাটৰ নাটখনে উপস্থিত দৰ্শকৰ মন‌ মুহিবলৈ সক্ষম হয় । ইয়াৰ পিছতে আৰম্ভ হয় সজাগতা সভা । অনুষ্ঠানত উপস্থিত থকা কেইবাজনো শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকে শিশু শ্ৰমিক নিয়োগৰ ফলত কিদৰে অধিকৰ খৰ্ব কৰা হৈ আহিছে আৰু শিশু শ্ৰমিকসকলে ভবিষ্যতে কেনেদৰে তিমিৰাছন্ন হৈ পৰে সেই বিষয়ে বিতংকৈ বক্তব্য দাঙি ধৰে ।  

প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা জ্যোতিষ নৰহৰ পৰ্যবেক্ষণত অনুষ্ঠিত কাৰ্যসূচীত প্ৰশিক্ষাৰ্থী নীলাক্ষী বৰুৱা, শিল্পী গগৈ, নীলাঞ্জনা শইকীয়া, হৃদয় সাগৰ দিহিঙ্গীয়া, কবিৰাজ নৰহে অভিনয় কৰে । অভিভাৱক ৰাইজৰ হৈ ৰেণু পাদুন, অণিমা কাপ্তাক, য়াকচি য়েইন আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক: Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি তিনিগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.