HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাত ফাদিল কৰা শিক্ষক কেইগৰাকী কংগ্ৰেছ পৰিয়ালৰ: ভৱেশ কলিতা

By

Published : Mar 18, 2023, 10:12 PM IST

thumbnail

বাইহাটা, 18 মাৰ্চ: প্ৰশ্নকাকত ফাদিলৰ দৰে গৰ্হিত কাম কৰা শিক্ষক কেইগৰাকী হৈছে কংগ্ৰেছ পৰিয়ালৰ (HSLC question paper leak) ৷ এনেক্ষেত্ৰত চৰকাৰ তথা শিক্ষা বিভাগক বদনাম কৰাৰ হাত কংগ্ৰেছৰে আছে ৷ এই অদ্ভুত মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ ছেবাৰ যিসকল ব্যক্তি আছে সেই সকলৰো ব্যক্তিগত জীৱনৰ সংস্কাৰ আনিব লাগিব বুলিও মন্তব্য ভৱেশ কলিতাৰ (BJP president Bhabesh Kalita) ।  

উল্লেখ্য যে, শনিবাৰে জালুকবাৰী সমষ্টিৰ বেজেৰাত অনুষ্ঠিত বিজেপিৰ গুৱাহাটী মহানগৰ কৃষক মৰ্চাৰ জিলাৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এইদৰে উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ লগতে তেওঁ কয়, ‘‘আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে খাটাই খুলিব নোৱাৰে । কটা হাত কেতিয়াও যোৰা নালাগে ৷’’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হীনমান্যতাত ভুগি প্ৰলাপ বকিবলৈ আৰম্ভ কৰা বুলিও কংগ্ৰেছক কটাক্ষ ভূপেন বৰাৰ (Bhabesh Kalita slams Bhupen Borah) ৷ 

লগতে পঢ়ক: Upgrade College into University: 8খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ আঁৰত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ পৰিকল্পনা নেকি?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.