পুত্ৰই কোৰৰ নালেৰে মৰিয়াই হত্যা কৰিলে পিতৃক

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:11 AM IST

thumbnail

মৰাণ, 21 নৱেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিত লোমহৰ্ষক ঘটনা ৷ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পিতৃক । চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰী থানাৰ অন্তৰ্গত বালিজান দুৱৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । পুত্ৰ জীতেন গড়ে মৰিয়াই মৰিয়াই হত্যা কৰে বৃদ্ধ পিতৃ কদু গড়ক। খঙত অগ্নিশৰ্মা হৈ কোৰৰ নালেৰে মৰিয়াই পুত্ৰই হত্যা কৰে পিতৃক । 

কণিষ্ঠ পুত্ৰই জনোৱা অনুসৰি, সোমবাৰে নিশা প্ৰায় 8.30 বজাত অধিক মদ্যপান কৰাৰ পিচতেই সামান্য কথাতেই পিতা-পুত্ৰ দুয়ো তৰ্কাতৰ্কিত লিপ্ত হয় । সামান্য কাজিয়াৰ পিচতেই জ্যেষ্ঠ পুত্ৰ জীতেনে কোৰৰ নালেৰে মৰিয়াই হত্যা কৰে পিতৃক । 

এই ঘটনাৰ পিচতে কাকতিবাৰী আৰক্ষীয়ে লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাণ্ডৰ অভিযুক্ত জীতেন গড়ক । এই সমগ্ৰ ঘটনাটো আজি পুৱা পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: কনিষ্টবলৰ কোঠাত উদ্ধাৰ সন্ধানহীন কিশোৰী, নিলম্বিত কনিষ্টবল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.