নৃশংস, পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 4:26 PM IST

thumbnail

তিনিচুকীয়া, 20 ডিচেম্বৰ : তিনিচুকীয়াত পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ তিনিচুকীয়া চহৰৰ চলিহা নগৰত পুত্ৰৰ চোকা অস্ত্ৰৰ আঘাতত নিহত হয় পিতৃ ৷ নিহত ব্যক্তিজনৰ নাম অশ্বিনী দত্ত বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে হত্যাকাৰী তোলনীয়া পুত্ৰ অৰিন্দম দত্তক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি তিনিদিন ধৰি দুৱাৰ বন্ধ আছিল ঘৰটোৰ ৷ গতিকে হত্যাকাণ্ডৰ ঘটনাটো কেতিয়া সংঘটিত হ’ল সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই ৷ অৱশ্যে চোকা অস্ত্ৰৰে পিতৃক হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে তোলনীয়া পুত্ৰ অৰিন্দম দত্তই ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ 


লগতে পঢ়ক : ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ বায়ু উৰিল পেহাকৰ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.