HSLC result 2023:পুত্ৰৰ পৰীক্ষাৰ ফলাফল পাই এগৰাকী মাতৃৰ হিয়াভগা কান্দোন

By

Published : May 23, 2023, 1:08 PM IST

thumbnail

ডিব্ৰুগড়, 22 মে’ : ঘোষণা হ'ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । পুত্ৰৰ পৰীক্ষাৰ ফলাফল পাই এগৰাকী মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে মহিলাগৰাকীয়ে । এই দুৰ্ভগীয়া মহিলাগৰাকী হ’ল ডিব্ৰুগড় জিলাৰ দক্ষিণ খলিয়ামাৰী মিনাক্ষী মেচ গগৈ ৷

তেৰটাকৈ বছৰ অতি কষ্টৰে আনৰ দোকানত কাম কৰি পুত্ৰ পাৰ্থ প্ৰতীম গগৈক বিদ্যালয়ত পঢ়াইছিল মিনাক্ষীয়ে । টকাৰ অভাৱৰ বাবে সময়মতে পুত্ৰই পঢ়িবলৈ যাৱতীয় সা-সামগ্ৰী যোগান ধৰিব পৰা নাছিল তেওঁ ৷ টিউচন দিয়াৰ কথা চিন্তাই কৰা নাছিল । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুত্ৰই ৩ টাকৈ বিষয়ত লেটাৰ মাৰ্ক সহ মুঠ ৪৬২ নম্বৰ কঢ়িয়াই অনাত মাতৃৰ চকুত এতিয়া কেৱল চকুপানী । পৰৱৰ্ত্তী সময়ত পুত্ৰক ক'ত পঢ়াব, কি পঢ়াব এতিয়াও থিৰাং কৰিব পৰা নাই মাতৃ-পুত্ৰ দুয়োৱে, যদিওবা পুত্ৰৰ মন বিজ্ঞান শাখাত পঢ়াৰ (Assam HSLC result 2023) ।

উল্লেখ্য যে ২০০৫ চনত মীনাক্ষী মেচ গগৈয়ে অসম আৰক্ষী জোৱান মৃণাল গগৈৰ লগত প্ৰেম বিবাহ পাশত আৱদ্ধ হৈছিল যদিও পাঁচ বছৰৰ পিচত বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে ২০১০ চনত মৃণাল গগৈয়ে পুনৰ অন্য এগৰাকী মহিলাৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ হয় । বৰ্তমান  মৃণাল গগৈ তিনিচুকীয়া জিলাৰ মাকুমৰ 2nd বেটেলিয়নত কৰ্মৰত । আৰক্ষী বিভাগত কৰ্মৰত পিতৃক এতিয়া পুত্ৰক উচ্চ শিক্ষা দিয়াৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে মাতৃয়ে ।

লগতে পঢ়ক : HSLC result 2023: অসুস্থ শৰীৰে পৰীক্ষা দিবলৈ গৈছিল দশম স্থানপ্ৰাপ্ত বিপাঞ্চী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.