ভোগালীৰ আনন্দৰ মাজতে সাপেখাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 7:31 PM IST

thumbnail

মৰাণ, 15 জানুৱাৰী : এটা দিনৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ খোৱাঙত পুত্ৰই পিতৃক হত্যা কৰি গাঁতত পুতি থোৱাৰ ঘটনাই ৰাজ্যত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ এই চাঞ্চল্য মাৰ নাযাওঁতেই মাঘ বিহুৰ আনন্দ-উল্লাসৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাটিত সংঘটিত হ'ল অনুৰূপ ঘটনা ৷ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক ৷

জানিব পৰা মতে উৰুকাৰ নিশা ঘাতক পুত্ৰ সুনীল দাসে পিতৃ কমল দাসক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ সুৰাৰ ৰাগীত মাতাল হৈ ঘৰৰ বয়বস্তু লণ্ড-ভণ্ড কৰাৰ লগতে নিজৰ মটৰ চাইকেলখনো জ্বলাই দিয়ে অভিযুক্ত সুনীল দাসে ৷ এই কাৰ্যত বাধা দিবলৈ চেষ্টা কৰোতে সুৰামত্ত পুত্ৰই পিতৃক মৰিয়াই মৰিয়াই ঘৰৰ ভিতৰতে হত্যা কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে হত্যাকাৰী পুত্ৰ সুনীল দাসক ৷ 

লগতে পঢ়ক : পিতৃক হত্যা কৰি ঘৰৰ চৌহদতে পুতি থ’লে কুলাংগাৰ পুত্ৰই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.