ETV Bharat / state

পিতৃক হত্যা কৰি ঘৰৰ চৌহদতে পুতি থ’লে কুলাংগাৰ পুত্ৰই

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:03 PM IST

Moran Murder Case
মৰাণৰ পিতৃহন্তা বিদ্যুতক জে’ললৈ প্ৰেৰণ

Murder in Dibrugarh: মাহীয়েকে দিবলৈ অনা বিহুৰ পিঠা খাবলৈ নাপালে বিদ্যুৎ গগৈয়ে ৷ বিহুৰ এদিন পূৰ্বে পিতৃক হত্যা কৰি গাঁতত পুতি থোৱাৰ পাছত জে’ললৈ প্ৰেৰণ কৰা হ’ল বিদ্যুতক ৷

মৰাণৰ পিতৃহন্তা বিদ্যুতক জে’ললৈ প্ৰেৰণ

ডিব্ৰুগড়, 14 জানুৱাৰী: আজি মাঘ বিহুৰ উৰুকা ৷ ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে ভোগালী বিহু ৷ এই আনন্দ উল্লাসৰ মাজতে মৰাণত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷

মৰাণৰ সমীপৰ খোৱাং দুলীয়া লাহোৱাল গাঁৱত বিদ্যুৎ গগৈ নামৰ যুৱকজনে নিজ পিতৃ পৰমানন্দ গগৈক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে । তাৰ পাছত ঘৰৰ কাষতে গাঁত খান্দি পুতি থয় । যি ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

শনিবাৰে নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পিতৃহন্তা বিদ্যুৎ গগৈক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে । হত্যাকাৰী বিদ্যুতে আৰক্ষীক দিয়া বৰ্ণনা অনুসৰি কালি দিনৰ ভাগতে পিতৃক তেওঁ প্ৰথমে এখন চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । ইয়াতে ক্ষান্ত নাথাকি কুঠাৰ আৰু লাঠীৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে পৰমানন্দ গগৈক ।

এই হত্যাকাণ্ডৰ পৰা হাত হাৰিবলৈ বিদ্যুতে ঘৰৰ কাষতে এটা গাঁত খান্দি পিতৃৰ মৃতদেহ পুতি থয় । মৃত পৰমানন্দ গগৈৰ খুলশালিয়েকে সন্ধিয়া বিহুৰ পিঠা দিবলৈ আহোতে এই ঘটনাৰ কথা পোহৰলৈ আহে । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি মৃত পৰমানন্দ গগৈৰ পত্নীয়ে কিছু বছৰৰ আগতে স্বামীক এৰি আন এজনলৈ পলাই গৈছে । তাৰ পাছতে ঘৰখনত কেৱল পিতা-পুত্ৰই বাস কৰে ।

কি কাৰণত পুত্ৰ বিদ্যুতে পিতৃ পৰমানন্দক হত্যা কৰিলে সেয়া আৰক্ষীৰ আগত স্বীকাৰ কৰা নাই । আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু কুঠাৰৰ লগতে কিছু সামগ্ৰী জব্দ কৰিছে । দেওবাৰে আৰক্ষীৰ জিলা উচ্চ পৰ্যায়ৰ বিষয়া আৰু ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত পৰমানন্দ গগৈৰ মৃতদেহ গাঁত খান্দি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: মাছ মাৰিবলৈ যোৱা গঞাক বন বিভাগৰ লোকে প্ৰহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.