Ganja seized in Garchuk: ISBTৰ পৰা গাঞ্জাসহ আটক কৰে দুই সৰবৰাহকাৰী

By

Published : Dec 15, 2022, 1:43 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰাজ্যৰ চৌদিশে অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ শেহতীয়াকৈ বৃহস্পতিবাৰে পুৱতি নিশা গড়চুক আৰক্ষীয়ে অভিযান চলাই ISBT ৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰে দুই সৰবৰাহকাৰীক (Smugglers arrested with Ganja) ৷ দুই সৰবৰাহকাৰীৰ পৰা জব্দ কৰে প্ৰায় 22 কেজি গাঞ্জা (Ganja seized in Garchuk) ৷ উল্লেখ্য যে সৰবৰাহকাৰীয়ে নিতৌ সলাইছে সৰবৰাহৰ কৌশল ৷ এইবাৰ বুজন পৰিমাণৰ পৰিবৰ্তে কঢ়িয়াইছে কম পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । ব্যক্তিগত বাহনেৰে নহয়, বাছযোগে সৰবৰাহ কৰিছিল জব্দকৃত গাঞ্জাখিনি । আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে মনোজ প্ৰসাদ সাহ আৰু উদয় ৰয় । দুয়োৰে ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে । ত্ৰিপুৰাৰ পৰা মহানগৰীৰ মাজেৰে বিহাৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল গাঞ্জাখিনি । অধিক তথ্যৰ বাবে গড়চুক আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.