Drugs Seized: চিলাপথাৰত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:10 PM IST

thumbnail

জোনাই,১ নৱেম্বৰ: নিশা ধেমাজিৰ চিলাপথাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । গোপন খবৰৰ ভিত্তিত নিশা ছ'চাইটিৰ এটা ঘৰত অভিযান চলাই প্ৰায় ১০ লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰাৰ লগতে নগদ লক্ষাধিক টকা জব্দ কৰা হয় । প্ৰায় ২৪৯ গ্ৰাম হেৰ'ইন, নগদ ধন, ম'বাইল বহু যাবতীয় সামগ্ৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে হেৰ'ইন সৰবৰাহকাৰী পংকজ পাইত নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে ধৃত সৰবৰাহকাৰীটো পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল । চিলাপথাৰ অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত এটি বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । এইক্ষেত্ৰত অঞ্চলটোত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাৰ বহু প্ৰয়োজন আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জিকিৰানী মহন্তই ।  

লগতে পঢ়ক: Drive against Drugs:অধঃপতনে গৈছে নেকি যুৱচাম ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.