Smuggled cattle seized at Samaguri:চামগুৰিত জব্দ চোৰাংকৈ সৰবৰাহ কৰা গৰু

By

Published : May 30, 2023, 11:04 AM IST

thumbnail

চামগুৰি, 30 মে’ : চামগুৰি আৰক্ষীৰ বিশেষ সফলতা ৷ এক গোপন খবৰৰ ভিত্তিত চোৰাংভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰিবলৈ সক্ষম হয় শিৱস্থান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি হাজৰিকা ৷

প্ৰাপ্ত খবৰ মতে, চামগুৰিৰ খলিহামাৰিৰ শিৱস্থান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি হাজৰিকাই সোমবাৰে ১১ বাজি ৩০ মিনিটত খলিহামাৰিৰ লোকনিৰ্মাণ বিভাগৰ পথৰ পৰা জব্দ কৰে চাৰিটাকৈ গৰু (Cattle smuggling at samaguri) ৷ লগতে জব্দ কৰে চোৰাংকৈ গৰু সৰবৰাহ কৰা এখন টাটা ACE বাহন । বাহন খনৰ নম্বৰ হৈছে AS02AC2429 । সমান্তৰালকৈ আটক কৰিছে বাহন খনৰ চালক শিয়াল খাইতীৰ ফৰিদুল হকক ।

ইতিমধ্যেই জব্দ কৰা গৰু কেইটা গৌশালালৈ প্ৰেৰণ কৰিছে আৰক্ষীৰ লোকে । গৰু কেইটা চুৰ কৰি অনাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ গৰু কেইটা শিৱস্থানৰ গৰু সৰবৰাহ কাৰী মতিনৰ ঘৰলৈ বুলি আনি থকাৰ সময়তে জব্দ কৰে শিৱস্থান আৰক্ষীয়ে ।

লগতে পঢ়ক : Fire in Sivsagar: শিৱসাগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.