Silsako Eviction: শিলসাঁকো কেন্দ্ৰীয় সমিতিৰ সভাপতি কামিনী শৰ্মাক চৰকাৰৰ দালাল আখ্যা উচ্ছেদিতৰ

By

Published : Jun 18, 2023, 8:29 PM IST

thumbnail

গুৱাহাটী, 18 জুন: শিলসাঁকোৰ পৰা খিলঞ্জীয়া লোকক উচ্ছেদ কৰি মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিবলৈ লোৱা চৰকাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে ৷ আঁহফলা ৰাজনীতিৰে চৰকাৰ বিৰোধী প্ৰতিবাদ দুৰ্বল কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷ যাৰ বাবে শিলসাঁকোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কামিনী শৰ্মাৰ সাতগাঁৱৰ দলবাৰীস্থিত ঘৰ ঘেৰাও কৰে উচ্ছেদিত জনতাই । 

চৰকাৰৰ সৈতে হোৱা আলোচনাত ৰাইজৰ পক্ষত থাকি মাত নিদিয়াৰ অভিযোগ উত্থাপন শিলসাঁকোৰ উচ্ছেদিত জনতাৰ । চৰকাৰৰ সন্মুখত ৰাইজৰ পক্ষত থাকি কথা কোৱাৰ পৰিবৰ্তে ৰাইজৰ হিতৰ বিপৰীতে কথা কোৱাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ । চৰকাৰৰ সৈতে মিলি শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ তুলি কামিনী শৰ্মাক ঘেৰাও কৰে । 

সাতগাঁৱৰ দলবাৰীত উচ্ছেদিত জনতাই কেন্দ্ৰীয় সমিতিৰ ঘৰ ঘেৰাও কৰাৰ পিচতেই দুয়ো পক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ । আৰক্ষী  উপস্থিত হৈ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে । প্ৰতিবাদী জনতাই কামিনী শৰ্মাক চৰকাৰৰ দালাল আখ্যা দিয়ে । অৱশ্যে প্ৰতিবাদকাৰীয়ে অভিযোগ খণ্ডন কৰে কামিনী শৰ্মাই ।

লগতে পঢ়ক: Large crack in Bharalu guard wall: ভৰলুৰ গাৰ্ডৱালত বৃহৎ ফাট: শংকিত অনিল নগৰবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.